বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / শত্ৰুতা পাহৰি বন্ধু হোৱাৰ মন

শত্ৰুতা পাহৰি বন্ধু হোৱাৰ মন

নেপাল - ভাৰতৰ সম্পৰ্ক উন্নত কৰাৰ চেষ্টা

কাঠমাণ্ডু,১১ডিচেম্বৰ – ভাৰত-নেপালৰ তিক্ততাপূৰ্ণ সম্পৰ্ক উন্নত কৰাৰ মানসেৰে দুই প্ৰতিবেশী ৰাষ্ট্ৰই প্ৰচেষ্টা অৱ্যাহত ৰাখিছে ৷ যোৱা দুমাহত ভাৰতৰ উচ্চ পৰ্যায়ৰ কেইবাজনো চৰকাৰী প্ৰতিনিধিয়ে নেপাল ভ্ৰমণ কৰাৰ পিছত এইবাৰ বিজেপি দলে বৈদেশিক সম্পৰ্ক বিভাগৰ মুখ্য পদাধিকাৰী বিজয় চৌঠাইৱালাক নেপাললৈ প্ৰেৰণ কৰিছে ৷ চৌঠাইৱালাই নেপালৰ শাসনাধিষ্ঠিত নেপাল কমিউনিষ্ট দলৰ সচিবপ্ৰধান বিষ্ণু পৌদেলৰ নিমন্ত্ৰণ ৰক্ষা কৰি সেই দেশ ভ্ৰমণ কৰিছে৷তেওঁ ইতিমধ্যে নেপালত উপস্থিত হৈ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ লগত এক বৈঠকত মিলিত হৈছে ৷ প্ৰধানমন্ত্ৰী অলিৰ বৈদেশিক নীতিৰ পৰামৰ্শদাতা ৰাজন ভট্টৰায়ে সংবাদ মাধ্যমক কয় যে দুই দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয় ৷ আনহাতে, টুইটাৰ যোগে শুক্ৰবাৰে চৌথাইলাই নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গাৱালীৰ লগত দুই দেশৰ বাবে প্ৰয়োজনীয় কেইবাটাও বিষয় আলোচনা কৰা বুলি জানিবলৈ দিয়ে ৷

তাৰোপৰি চৌথাইলাই বিৰোধী নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাৰ লগতো আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে ৷ জনতা সমাজবাদী পাৰ্টিৰ নেতা মাহান্তা ঠাকুৰ,ৰাজেন্দ্ৰ মাহাতো আৰু উপেন্দ্ৰ যাদবৰ লগতো বিজেপিৰ নেতাজন আলোচনাত মিলিত হ’ব ৷ উল্লেখযোগ্য যে এই মাহতে নেপালৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিব ৷ দুই দেশে এইদৰে তিক্ততাপূৰ্ণ সম্পৰ্ক পাহৰি বন্ধত্বপূৰ্ণ সম্পৰ্ক পুনৰ গঢ়ি তোলাৰ বাবে চেষ্টাৰ ক্ৰটি কৰা নাই ৷ (IANS)