সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অবিৰত প্ৰতিবাদ চলিছে ত্ৰিপুৰাত

অবিৰত প্ৰতিবাদ চলিছে ত্ৰিপুৰাত

দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ কৰিব শিক্ষকে

আগৰতলা,১২ডিচেম্বৰ: ত্ৰিপুৰাৰ শিক্ষকে শীতৰ কুঁৱলীৰ মাজতো চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ আনকি এই প্ৰতিবাদত তেওঁলোকে নিজৰ পৰিয়াল তথা সন্তানকো সংগী হিচাপে লৈছে আৰু ইতিমধ্যে এই প্ৰতিবাদে ষষ্ঠ দিনত ভৰি দিছে ৷ জইন্ট ম’ভমেন্ট কমিটিৰ উদ্যোগত এই প্ৰতিবাদ চলি আছে আৰু চৰকাৰে তেওঁলোকৰ ন হাজাৰ শিক্ষকৰ চাকৰি নিয়মীয়া নকৰা পৰ্যন্ত তেওঁলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জনাইছে ৷ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এই শিক্ষক সকলক নতুনকৈ গ্ৰেড চি আৰু গ্ৰেড ডি’ৰ চাকৰিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে ৷ ইয়াৰ প্ৰত্যুত্তৰত শিক্ষকসকলৰ তৰফৰপৰা জনোৱা হৈছে তেওঁলোকৰ সৰহসংখ্যকৰে ইতিমধ্যে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ বয়স পাৰ হৈছে আৰু তেওঁলোকৰ  মাজৰে বহুতৰ দক্ষতা তথা শিক্ষাগত অৰ্হতা প্ৰথম শ্ৰেণীৰ অৰ্থাৎ গ্ৰেড এ’ৰ সমপৰ্যায়ৰ৷উল্লেখযোগ্য যে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ২০১১ আৰু ২০১৪ চনত নিযুক্তি লাভ কৰা ১০,৩২৩ টা শিক্ষকৰ পদবী অবৈধ বুলি ঘোষণা কৰিছিল ৷

প্ৰতিবাদী কৃষকসকলৰ নেতা বিমল সাহাই কয় যে এতিয়ালৈকে ৭৬ জন শিক্ষকে অৰ্থাভাৱত প্ৰাণ হেৰুৱাইছে ৷ আনহাতে প্ৰতিবাদী  কৃষক নেতা ডালিয়া দাসে কয় “মুখ্যমন্ত্ৰী গৰাকীয়ে আমাক দুমাহৰ ভিতৰত সকলো সমস্যাৰ সমাধান হ’ব বুলি কৈছিল,কিন্তু  দুমাহ কেতিয়াবাই পাৰ হ’ল যদিও কোনো সমাধান সূত্ৰ ওলোৱা নাই ৷” (IANS)