মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Business  / North-east India  / আমিন গাঁৱত হ’ব ‘ডাটা চেণ্টাৰ’

আমিন গাঁৱত হ’ব ‘ডাটা চেণ্টাৰ’

উত্তৰ পূৰ্বাঞ্চল হ’ব ডিজিটেল

গুৱাহাটী,১২ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘ডিজিটেল নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া ভিজন – ২০২২’ প্ৰকল্প অতি শীঘ্ৰেই গুৱাহাটীৰ আমিনগাঁৱত আৰম্ভ হ’ব ৷ নেশ্যনেল ডাটা চেণ্টাৰ প্ৰকল্পৰ লগত জড়িত অসম চৰকাৰৰ এগৰাকী বিষয়াই কয় যে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এই ডাটা চেণ্টাৰে উত্তৰ পূৰ্বাঞ্চলত এক অভূতপূৰ্ব বৰঙনি আগবঢ়াব ৷

উল্লেখযোগ্য যে গুৱাহাটীৰ আমিনগাঁৱত নিৰ্মাণ হ’ব লগীয়া নেশ্যনেল ডাটা চেণ্টাৰৰ প্ৰকল্পটো নিৰ্মাণৰ ব্যয় ৩৫০ কোটি ধাৰ্য কৰা হৈছে ৷ ” এই প্ৰকল্পই অৰুণাচল,অসম,মণিপুৰ,মেঘালয়,ত্ৰিপুৰা,ছিক্কিম,নাগালেণ্ড,মিজোৰাম আদি ৰাজ্যৰ তথ্য প্ৰযুক্তিৰ উন্নয়নৰ লগতে প্ৰশাসনীয় ব্যৱস্থাটোৰ এক ঐতিহাসিক পৰিবৰ্তন সাধন কৰিব ৷ এই ডাটা কেন্দ্ৰটোৰ জৰিয়তে বিজ্ঞান,তথ্য,প্ৰযুক্তিৰ উন্নয়নৰ লগতে সমগ্ৰ অঞ্চলটোৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়টোতো যথেষ্ট ধনাত্মক প্ৰভাৱ পৰিব ৷ ফলত অঞ্চলটোত সংঘটিত যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সমস্যা ক্ষীপ্ৰতাৰে সমাধান কৰিব পৰা যাব বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷

ইতিমধ্যে এই ডাটা কেন্দ্ৰৰ বাবে ৪৩,২০০ বৰ্গ ফুুট ভূূূূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ  হৈছে ৷ খুব কম দিনৰ ভিতৰতে উক্ত  স্থানত ভূমি পূজন অনুষ্ঠিত  হ’ব ৷ কেন্দ্ৰীয় তথ্য প্ৰযুুক্তি মন্ত্ৰীৰবিশংকৰ প্ৰসাদ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ভূমিপূজনত অংশ ল’ব ৷ উক্ত প্ৰকল্প নিৰ্মাণৰ বাবে ৩১ মাহ সময়ৰ প্ৰয়োজন হ’ব আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ গৰিষ্ঠসংখ্যক যুবক যুৱতীয়ে এই প্ৰকল্পৰ জৰিয়তে কৰ্ম সংস্থাপন লাভ কৰিব ৷ (IANS)