বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ক’ভিড প্ৰদানত সহায় কৰিব মাইক্ৰচফটে

ক’ভিড প্ৰদানত সহায় কৰিব মাইক্ৰচফটে

মাইক্ৰচফটৰ মেনেজমেণ্ট প্লেটফৰ্ম সাজু

নতুন দিল্লী,১২ ডিচেম্বৰ– বিশ্বৰ ভালেকেইখন দেশত ক’ভিড১৯ ৰ প্ৰতিষেধক আগন্তুক দিনসমূহত সৰ্বসাধাৰণ ৰাইজক প্ৰদান কৰাৰ পৰিকল্পনা কৰাৰ লগে লগে বিশ্ব প্ৰসিদ্ধ কোম্পানী মাইক্ৰচফটে চৰকাৰী তথা বেচৰকাৰী স্বাস্থ্য ব্যবস্থা সমূহক সহায় কৰিবলৈ এক মেনেজমেণ্ট প্লেটফৰ্ম উদ্ভাৱন কৰিছে। মাইক্ৰচফটৰ কাৰিকৰী সহযোগী প্ৰতিষ্ঠান যেনে একচেন্সিয়ৰ, এভেণ্ডাই ,ই ৱাই আৰু মাজিক গ্ল’ৱেলে এই ক্ষেত্রত আগ ভাগ লৈছে ৷

শুক্ৰবাৰে মাইক্ৰচফটৰ দ্বাৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হয় যে সহজতে সমভাবে আৰু উপযুক্ত ভাবে যাতে এই প্ৰতিষেধক ৰাইজক প্ৰদান কৰিব পৰা যায়, তাৰবাবে প্ৰতিষ্ঠানটোৱে এক ব্যৱস্থা বা মেনেজমেণ্ট প্লেটফৰ্ম আৰম্ভ কৰিছে।মাইক্ৰচফটৰ কাৰিকৰী সহযোগী প্ৰতিষ্ঠান সমূহে তেওঁলোকৰ গ্ৰাহক সকলৰ লগত প্ৰতিষেধক দিয়াৰ সমগ্ৰ ব্যৱস্থাপনাটো যাতে সুচাৰুৰূপে পালন কৰিব যায়, তাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। এই পদক্ষেপৰ অংশস্বৰূপে মাইক্ৰচফ্টৰ উপৰোক্ত সহযোগী প্ৰতিষ্ঠানসমূহৰ কৰ্মকৰ্তা সকলে ৰোগীসকল আৰু প্ৰতিষেধক প্ৰদান কৰা স্থান বা চিকিৎসা কৰ্মী সকলৰ সুচাৰুৰূপে নথিপত্ৰ মজুত ৰাখি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থাটো শৃংখলাবদ্ধ কৰা ইত্যাদি কামত ইতিমধ্যে যথেষ্ট সক্ৰিয়তাৰে সহযোগিতা আগবঢ়াইছে।

মাইক্ৰচফটৰ মুখ্য চিকিৎসা বিষয়া তথা উপসভাপতি ডেভিড ছয়ে কয় যে চৰকাৰী বা বেচৰকাৰী সংগঠন সমূহৰ লগত সমগ্ৰ বিশ্বজুৰি মাইক্ৰচফটে কাম কৰি এই প্ৰতিষেধক অতি শীঘ্ৰেই যাতে সুচাৰুৰূপে দিব পৰা যায়, সেই ব্যৱস্থা কাৰ্যক্ষম কৰাত জড়িত হৈ পৰিছে। ইতিমধ্যে মাইক্ৰচফট কনচাল্টিং চাৰ্ভিছে ২১৪ ৰো অধিক কৰ্মচাৰীৰ জৰুৰী গোট মাৰ্চ মাহতেই গঠন কৰিছিল যাতে এই মহামাৰীৰ বিৰুদ্ধে সফল ভাবে যুঁজিব পৰা যায়। এইদৰে বিভিন্ন ধৰণৰ কাৰিকৰী আহিলা তথা ব্যৱস্থাৰ সৈতে মাইক্ৰচফটে ক’ভিড১৯ প্ৰতিষেধক প্ৰদান কৰা কাৰ্য সুচাৰুৰূপে পালন কৰিবলৈ আগবাঢ়ি আহিছে।