বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / জগন্নাথ মন্দিৰ খুলিব !

জগন্নাথ মন্দিৰ খুলিব !

সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি খোলা হ’ব মন্দিৰ

ভুৱনেশ্বৰ,১২ ডিচেম্বৰ: উৰিষ্যাৰ জগন্নাথ মন্দিৰ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ সিন্ধান্ত লৈছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ উল্লেখযোগ্য যে ক’ভিড ১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মন্দিৰটো সাময়িকভাৱে বন্ধ ৰখাৰ সিন্ধান্ত লৈছিল কৰ্তৃপক্ষই ৷ মন্দিৰ কৰ্তৃপক্ষৰ হৈ কৃষ্ণ কুমাৰে কয় যে আমি ২২ অথবা ২৪ ডিচেম্বৰৰ ভিতৰত মন্দিৰ খোলাৰ সিন্ধান্ত লৈছোঁ ৷ “আমি ৰাজ্য চৰকাৰৰ অনুমতিৰ বাবে ইতিমধ্যে আমাৰ সিন্ধান্ত প্ৰেৰণ কৰিছোঁ ৷ সদ্যহাতে আমি কেৱল পুৰীৰ বাসিন্দাৰ বাবেহে মন্দিৰটো মুকলি কৰাৰ সিন্ধান্ত লৈছোঁ ৷ অৱশ্যে চৰকাৰৰ অনুমতিৰ পিছতহে সকলো চূড়ান্ত হ’ব”-এনেদৰে কয়  তেওঁ ৷ ক’ভিড সংক্ৰমণ প্ৰতিহত কৰাৰ স্বাৰ্থত অৱশ্যে ২০২১ চনৰ ১ আৰু ২ জানুৱাৰীত মন্দিৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হ’ব ৷ কিয়নো সেই দুটা দিনত সাধাৰণ দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভৱনা যথেষ্ট বেছি ,সেয়ে মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা সেই সিন্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পুৰীৰ বাহিৰৰ দৰ্শনাৰ্থীৰ বাবে ৩ জানুৱাৰীৰ পৰা মন্দিৰৰ দ্বাৰ মুকলি কৰা হ’ব ৷ কেৱল ক’ভিড নিগেটিভ দৰ্শনাৰ্থীয়েহে মন্দিৰ দৰ্শন কৰিব পাৰিব ৷ এটা দিনত কেৱল পাঁচ হেজাৰ দৰ্শনাৰ্থীয়েহে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব ৷ মন্দিৰৰ ভিতৰত মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক ৷ মন্দিৰৰ চাৰিখন প্ৰবেশদ্বাৰতেই ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হ’ব ৷ (IANS)