বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নাবিকক প্ৰথমে দিয়ক ভেকচিন

নাবিকক প্ৰথমে দিয়ক ভেকচিন

নাবিকক প্ৰথম পৰ্যায়ত কভিডৰ প্ৰতিষেধক দিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান

মুম্বাই,১২ ডিচেম্বৰ – ভাৰতৰ বাণিজ্যক নাবিক সন্থাৰ সংগঠনে সকলো নাবিককে প্ৰথম পৰ্যায়তে ক’ভিডৰ প্ৰতিষেধক দিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে। এই সংক্ৰান্তত’ নেশ্যনেল ইউনিয়ন অৱ চিফেয়াৰ্ছ অব ইণ্ডিয়া’ই প্ৰধানমন্ত্ৰীক এক পত্ৰ যোগে আহ্বান কৰে যে যেতিয়া ক’ভিড১৯ৰ সংক্ৰমণত সমগ্ৰ বিশ্বজুৰি ব্যৱসায় বন্ধ হৈ পৰিছিল,তেতিয়া  কেৱল বাণিজ্যিক জাহাজৰ নাবিকসকলেই পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰয়োজনীয় সামগ্ৰী সৰবৰাহ কৰি আহিছিল আৰু তেওঁলোকে অত্যন্ত প্ৰত্যাবাহন তথা বিপদৰ সম্ভাৱনীয়তাকো আওকাণ কৰি এই কাম কৰি আহিছিল।সেইবাবেই তেওঁলোকক প্ৰথম পৰ্যায়তে ক’ভিড১৯ ৰ প্ৰতিষেধক প্রদান কৰিব লাগে বুলি পত্ৰ খনত আহ্বান জনোৱা হয়। পৃথিৱীৰ বিভিন্ন অঞ্চলত ভাৰতৰ ২.৪ লাখ নাবিক তথা তেওঁলোকক সহায় কৰা আন বহুতো কৰ্মচাৰী নিয়োজিত হৈ আছে। তাৰে এক তৃতীয়াংশ ভাৰতীয় বাণিজ্যক জাহাজত আৰু বাকী বিদেশৰ অন্য জাহাজত নিয়োজিত হৈ আছে। 

১৯৬৮ চনৰ ‘এচেনচিয়েল চাৰ্ভিছ মেন্টেনেন্স এক্ট ’ অনুসৰি সাগৰীয়  বাণিজ্য  সেৱাক অত্যাৱশ্যকীয় সেৱা বুলি ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে আৰু সেইবাবেই এই অত্যাৱশ্যকীয় সেৱা বৰ্তাই ৰখাত সহায় কৰা নাবিক সকলক ভাৰত চৰকাৰে ক’ভিডৰ প্ৰতিষেধকৰ প্ৰতি উপযুক্ত গুৰুত্ব দিব লাগে বুলি পত্ৰখনত উল্লেখ কৰা হয় । তাৰোপৰি এই সংগঠনে ক’ভিড১৯ ৰ সংক্ৰমণৰ সময়তো আকৰ্ষণীয়ভাৱে বেতন বৃদ্ধি কৰি এক নিৰ্দেশন দাঙি ধৰা বুলি উল্লেখ কৰা হয়। নাবিক সকলে বিশ্বৰ বিভিন্ন দেশৰ লগত যাবতীয় সামগ্ৰীৰ আমদানি-ৰপ্তানিত সহায় কৰি ভাৰতৰ অৰ্থনীতি বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলি পত্ৰ যোগে উল্লেখ কৰা হৈছে। (IANS)