শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আটক হ’ল ৰাঘৱ-আতিশী

আটক হ’ল ৰাঘৱ-আতিশী

দুৰ্নীতিৰ প্ৰতিবাদ কৰিবলৈ গৈ আটক হ’ল আপৰ নেতা

নতুন দিল্লী, ১৩ ডিচেম্বৰ– আম আদমী পাৰ্টিৰ কেইবাজনো নেতা যেনে ৰাঘব চাড্ডা, আতিশী, ঋতুৰাজ,কুলদ্বীপ কুমাৰ, সঞ্জীৱ ঝা আৰু অন্যান্য সকলক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ ৰাজ্যপালৰ বাসগৃহৰ আগত ধৰ্ণা কাৰ্যসূচী  ৰূপায়ণ কৰিবলৈ যাওঁতে দিল্লীৰ আৰক্ষীয়ে আটক কৰিছে। উল্লেখযোগ্য যে আম আদমী পাৰ্টিৰ নেতা সকলে দিল্লীৰ মিউনিচিপাল কাউঞ্চিলত বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈছিল। ইয়াৰ পূৰ্বে আম আদমী পাৰ্টিৰ নেতা ৰাঘব চাদ্দাই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত শান্তিপূৰ্ণ ভাৱে ধৰ্ণা দিবলৈ অনুমতি বিচাৰি জনোৱা আবেদন  দিল্লী আৰক্ষীয়ে অগ্ৰাহ্য কৰিছিল।

তাৰোপৰি আম আদমী পাৰ্টিৰ নেতা সকলে লেফেটনেন্ট গভৰ্ণৰ অনিল বাইজলৰ বাসভৱনৰ সন্মুখত এই বিত্তীয় কেলেংকাৰীৰ প্ৰসংগত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ দ্বাৰা এক তদন্তৰ দাবী  কৰি এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ মনস্থ কৰিছিল। আম আদমীৰ নেতা আতিশীয়ে টুইটাৰ যোগে কয় যে নতুন দিল্লীৰ মিউনিচিপাল কৰ্পৰেচনত প্ৰায় ২,৫০০ কোটি টকাৰ এক বৃহৎ কেলেংকাৰী হৈছে আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী জনাই দিল্লীৰ লেফেটনেন্ট গভৰ্ণৰক লগ কৰিবলৈ গৈছিল তেওঁলোক৷ কিন্তু তেওঁলোকক সাক্ষাৎ কৰাৰ পৰিবৰ্তে লেফটেনেণ্ট গভৰ্ণৰে দিল্লী আৰক্ষীৰ দ্বাৰা আটকহে কৰোৱালে বুলি আম আদমী পাৰ্টিৰ নেতৃগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। লেফেটেনেন্ট গভৰ্ণৰে প্ৰকৃততে কাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে বুলি আতিশীয়ে প্রশ্ন কৰাৰ লগতে চি বি আইৰ তদন্ত কৰিবলৈ কিয় লেফেটনেন্ট গভৰ্ণৰে হোহঁকাপিচলা কৰিছে বুলি প্ৰশ্ন উথাপন কৰিছে ৷ (IANS)