বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / কেবিনেটত কি হ’ল

কেবিনেটত কি হ’ল

আজি মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুস্হিত কেবিনেট বৈঠকৰ সিন্ধান্তসমূহ

গুৱাহাটী,১৩ ডিচেম্ব: প্ৰথম সিন্ধান্ত অনুসৰি ২০২১ বৰ্ষত চৰকাৰী বন্ধ হ’ব ৩৪ দিন আৰু সীমিত বন্ধ হ’ব ৩১ দিন ৷ দ্বিতীয় সিন্ধান্ত অনুসৰি খহনীয়াত আক্ৰান্ত লোকৰ বাবে ক্ৰমে ৫ লাখ,১.৫ লাখ আৰু ১ লাখ সাহায্য আগবঢ়োৱা হ’ব ৷ তৃতীয় সিন্ধান্ত  মতে মেডিকেল কলেজ আৰু ক্ৰিটিকেল কেয়াৰৰ ক্ষেত্ৰত সেৱাবিধি প্ৰণয়ন কৰা হ’ব ৷ চতুৰ্থ সিন্ধান্ত অনুসৰি চৰকাৰী ভাৱে মিৰিৰ সলনি মিচিং শব্দ ব্যৱহাৰৰ সিন্ধান্ত গ্ৰহণ কৰা হয় ৷

পঞ্চমতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশাৱলী অনুসৰি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বাবে নতুন নিয়মৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ ষষ্ঠতে মাদ্ৰাছা আৰু সংস্কৃত টোল বাতিল কৰা সম্পৰ্কত আগন্তুক বিধানসভাত নতুুন আইন বনোৱা হ’ব ৷ সপ্তমতে, কৃষি আয় কৰ ৰেহাই দিয়া হ’ব ৷ অষ্টম সিন্ধান্ত অনুসৰি আগৰৰ খেতিৰ বাবে নতুন নীতিত অনুমোদন ৷

নৱমতে ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ অধীনত প্ৰাইভেট স্কুলৰ বাবে অনলাইন অনুমতি ল’ব লাগিব ৷ দশম সিন্ধান্ত অনুসৰি ’অসম মালা আঁচনি’ৰ বাবে ভূমি ব্যৱস্থাৰ সৰলীকৰণ ৷ ইয়াৰ জৰিয়তে ভূমি বিক্ৰী ব্যৱস্থা সৰল কৰি তোলা হ’ব ৷
একাদশ  সিন্ধান্ত অনুসৰি চাহ জনজাতি কল্যাণ বিভাগৰ বাবে প্ৰতি বছৰে এক নিৰ্ধাৰিত ব্যয়ত প্ৰজেক্ট মণিটৰিং ইউনিটৰ ব্যৱস্থা কৰিব ৷