বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পাথৰ,মুকুতাৰ ব্যৱসায়ীলৈ সুখবৰ

পাথৰ,মুকুতাৰ ব্যৱসায়ীলৈ সুখবৰ

ভাৰতৰ পৰা সমগ্ৰ বিশ্বলৈ কোৰিয়াৰ যোগে পঠিয়াব পাৰিব মুকুতা,মণি

নতুন দিল্লী, ১৩ ডিচেম্বৰ — মুকুতা আৰু অলংকাৰ জাতীয় সামগ্ৰী এতিয়া ভাৰতৰ পৰা ৰপ্তানি কৰা ব্যৱসায়ী সকলক পৃথিৱীৰ বিভিন্ন অংশলৈ কোৰিয়াৰ যোগে প্ৰেৰণ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। এই পদক্ষেপে ভাৰতৰ এই সামগ্ৰী সমূহৰ ৰপ্তানিকাৰী সকলক বিশ্বৰ বিভিন্ন প্ৰান্তৰ তেওঁলোকৰ গ্ৰাহকক কম খৰছতে আৰু সহজতে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হ’ব।এই সংক্ৰান্তত ’চেণ্ট্ৰেল বৰ্ড অব ইন্দাইৰেক্ট টেক্সেছ এণ্ড কাষ্টমছ (CBIC)’ দ্বাৰা এখন বিভাগীয় জাননী জাৰি কৰি কোৱা কৈছে যে মাত্ৰ আমদানি কৰা উক্ত সামগ্ৰী সমূহৰ ক্ষেত্ৰতহে কোৰিয়াৰ কৰাত বাধা নিষেধ আছে। ভাৰতৰ পৰা আ- অলংকাৰ আৰু মুকুতা কোৰিয়াৰৰ যোগেদি ৰপ্তানি কৰাত কোনো বাধা  নিষেধ নাই বুলি বিভাগীয়ে ভাৱে স্পষ্টীকৰণ দিয়া হৈছে। উল্লেখযোগ্য যে কিছুদিন আগতে ২০১০ চনৰ এক চৰকাৰী নীতিক লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল ।

২০১০ চনৰ এই নীতিৰ দ্বাৰা বিদেশৰ পৰা ভাৰতলৈ মূল্যবান মুকুতা তথা আ- অলংকাৰ সামগ্ৰী কোৰিয়াৰ যোগে আমদানি কৰাত বাধা আৰোপ কৰা হৈছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতৰ ‘ জেমছ এণ্ড জুৱেলাৰী এক্সপোৰ্ট প্ৰমোছন কাউঞ্চিলে’ কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট CBIC বিভাগৰ  ওচৰত এই সংক্ৰান্তত স্পষ্টীকৰণ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল ।কেন্দ্ৰীয় চৰকাৰৰ  শুল্ক আৰু কৰ বিভাগৰ পৰা এই স্পষ্টীকৰণ অহাৰ পিছত এতিয়া ভাৰতৰ পৰা এই সমগ্রী সমূহৰ ৰপ্তানিকাৰী সকলৰ বাবে বিশ্বৰ বিভিন্ন ঠাইলৈ কম খৰছতে ক্ষীপ্ৰতাৰে সামগ্ৰী সমুহ ৰপ্তানি কৰাত থকা অনিশ্চয়তা দূৰ হ’ব বুলি আশা কৰিব পাৰি ৷ (IANS)