শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘মহাত্মা আছিল যীশুৰ শিষ্য’

‘মহাত্মা আছিল যীশুৰ শিষ্য’

যীশুখ্ৰীষ্টৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনালে ৰাজ্যপালে

ক’হিমা,১৩ ডিচেম্বৰ: নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে আজি ক’হিমাত এক প্ৰী খ্ৰীষ্টমাছৰ অনুষ্ঠানত অংশ লৈ মহাত্মা গান্ধী যীশুখ্ৰীষ্টৰ এগৰাকী অনুৰাগী তথা শিষ্য আছিল বুলি উল্লেখ কৰিছে ৷ ৰাজ্যপাল গৰাকীয়ে লগতে কয় যে গান্ধীজীয়ে শান্তি আৰু অহিংস পন্থাত বিশ্বাস কৰিছিল সেয়ে তেওঁ সেই পন্থাৰে ঔপনিৱেশিক ইংৰাজৰ পৰা আমাৰ দেশ স্বাধীন কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখযোগ্য যে এই ৰাজ্যপাল গৰাকীয়ে নগা শান্তি চুক্তিত মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিল ৷

বিধায়কসকলৰ দ্বাৰা আয়োজিত এই প্ৰী খ্ৰীষ্টমাছ পাৰ্টিত ৰাজ্যপাল গৰাকীয়ে পুনৰ কয়”বিধায়কসকল জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি ৷ গতিকে ৰাজ্যত শান্তি শৃংখলা অটুত ৰখা জন প্ৰতিনিধিৰ দায়িত্ব আৰু খ্ৰীষ্টান ধৰ্মৰ দীক্ষা অনুসৰিয়েই ইমান দিনে অশান্ত ৰাজ্যৰ বাসিন্দা হিচাপে থকা লোকসকলক শান্তিৰে বসবাস কৰাৰ এক পৰিৱেশ গঢ়ি তোলা উচিত ৷ “উক্ত অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’,শিক্ষা মন্ত্ৰী টেমজেন ইমনে আলঙকে ধৰি কেইবাজনো মন্ত্ৰী ,বিধায়ক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য উপস্থিত আছিল ৷