শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / গুগল,ইউটিউব সেৱা ব্যাহত

গুগল,ইউটিউব সেৱা ব্যাহত

সমগ্ৰ বিশ্বতেই বিকল হৈছে গুগল,ইউটিউব,জিমেইল আদি

নতুন দিল্লী,১৪ ডিচেম্বৰ: গুগলৰ লগত জড়িত সকলো সেৱাই আজি ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত ব্যাহত হৈছে ৷ গুগলৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ যেনে গুগল,গুগল মিট,গুগল হেংআউট,গুগল প্লে,জি মেইল আদি বিভিন্ন সেবাসমূহ আজি ব্যাহত হৈ পৰিছে ৷

জি মেইল ব্যৱহাৰকাৰী সকলৰ প্ৰায় ১৫ শতাংশই ৱেবছাইটৰ বাবে সমস্যাৰ সন্মুখীন হৈছে আৰু ৭৯ শতাংশই লগ ইন কৰোতে সমস্যাৰ সন্মুখীন হৈছে ৷

আনহাতে ১৪ শতাংশই মেচেজ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ৷

আনহাতে, ৫২ শতাংশই ইউটিউবত ভিডিঅ চাওঁতে সমস্যাৰ সন্মুখীন হোৱাৰ বিপৰীতে ৩৯ শতাংশই ৱেবছাইট খোলোতে সমস্যাৰ সন্মুখীন হৈছে ৮ শতাংশই লগ ইনত সমস্যাৰ সন্মুখীন হৈছে ৷ এই সমস্যাসমূহ কেৱল ভাৰততেই নহয়,ইউৰোপ মহাদেশৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰতো ব্যৱহাৰকাৰীসকল এই সমস্যাৰ সন্মুখীন হৈছে ৷

এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে’২০২০ বৰ্ষটো কেৱল মহামাৰীয়েই আমাক অসুবিধাত পেলোৱা নাই বৰঞ্চ গুগলেও অসুবিধাত পেলাইছে ৷

’আন এজনে আকৌ লিখিছে’ডিচেম্বৰ মাহৰ এইটো দিন বৰফৰ বাবে শীতল দিন হোৱাৰ পৰিবৰ্তে গুগল ডাউন ডে হিচাপেহে বিবেচিত হ’ল ৷ ’অৱশ্যে গুগলৰ সেৱা যে এইবাৰেই প্ৰথমবাৰৰ বাবে ব্যাহত হৈছে তেনে নহয় ,বিগত আগষ্ট মাহতো এনে সমস্যাৰ সন্মুখীন গুগল ব্যৱহাৰকাৰীসকল ৷  (IANS)