শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / টেকেলীৰ পইচা দিলে কৃষকক

টেকেলীৰ পইচা দিলে কৃষকক

আবালবৃদ্ধবণিতা সকলোৰে সমৰ্থন কৃষকক

দিল্লী,১৪ ডিচেম্বৰ: বিগত দিনবোৰত কৃষকৰ প্ৰতিবাদে সংবাদ মাধ্যমত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে ৷ জাৰ,জহৰ মাজত মুকলি ঠাইত দিন ৰাতি পাৰ কৰি কৰা এই প্ৰতিবাদে সকলোৰে অন্তৰ চুই গৈছে ৷

পাঞ্জাৱ,হাৰিয়ানা,উত্তৰ প্ৰদেশৰ পৰা অহা কৃষকে দিল্লীৰ সীমান্ত অঞ্চলবোৰ বন্ধ কৰি ৰাখিছে ৷ তেওঁলোকে ৰাজধানী দিল্লীত প্ৰৱেশ কৰিব বিচাৰিছে যদিও প্ৰৱেশ কৰিবলৈ দিয়া নাই প্ৰশাসনে ৷ কৃষক সংগঠনৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে যেতিয়ালৈকে এই আইন কেইখন উঠাই লোৱা নহয় তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব ৷

কাৰণ তেওঁলোকৰ এই প্ৰতিবাদ ভবিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে৷কৃষক আন্দোলনটোক উৎসাহিত কৰিবলৈ শেহতীয়াকৈ সাহাৰ্য আগবঢ়াইছে কণ কণ শিশুৱেও ৷ ঘৰত টেকেলীত জমা কৰি থোৱা নিজৰ পইচা আনি কৃষকৰ হাতত তুুুুলি দি কৃষক সকলক উৎসাহিত কৰিছে মীৰাটৰ কেইটিমান শিশুৱে ৷

সাতৰ পৰা তেৰ বছৰীয়া এই শিশু কেইটাই আজি অনশনত বহা কৃষকসকলক ফলৰ ৰস খুৱাই তেওঁলোকৰ অনশন ভংগ কৰাত সহায় কৰাৰ লগতে তেওঁলোকে জমা কৰা পইচাও কৃষক সকলৰ হাতত প্ৰদান কৰে ৷

প্ৰিন্স চৌধুৰী নামৰ শিশুজনে কয়” মই মীৰাটৰ পৰা আহিছোঁ ৷

মই বিগত ৬ মাহত যি টকা জমা কৰিছিলোঁ ,সেইয়া আজি কৃষক সকললৈ লৈ আনিছোঁ ৷ আনহাতে ,মীৰাটৰ পৰা অহা শিশুকেইটাৰ অভিভাৱক বিকাশে কয়”আমাৰ শিশু কেইটাৰ পূৰ্ণ শ্ৰদ্ধা আছে কৃষকৰ প্ৰতি ৷ সেয়ে তেওঁলোকে ইয়ালৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিলে৷আমাৰ সকলোৰে সমৰ্থন আছে তেওঁলোকৰ প্ৰতি ৷” (IANS)