সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিজেপি আৰএছএছৰ কবলত ফেচবুক

বিজেপি আৰএছএছৰ কবলত ফেচবুক

ভাৰতত নিৰপেক্ষ নহয় ফেচবুক

নতুন দিল্লী,১৪ ডিচেম্বৰ: ফেচবুক এক নিৰপেক্ষ সামাজিক মাধ্যম নহয় বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷

ৱালষ্ট্ৰীট জাৰ্ণেলৰ এক সংবাদৰ উদ্ধৃতি দি ৰাহুল গান্ধীয়ে কয় ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ভাৰতত সামাজিক মাধ্যম ফেচবুকক নিয়ন্ত্ৰণ কৰে৷অৱশ্যে ফেচবুক এইবাৰেই প্ৰথম বাৰৰ বাবে বিতৰ্কলৈ অহা নাই ইয়াৰ আগতেও আগষ্ট মাহত ফেচবুক ভাৰতত নিৰপেক্ষ নহয় বুলি সমালোচিত হৈছিল ৷

ফেচবুক পাবলিক পলিচিৰ ভাৰতৰ মুখ্য বিষয়া আখী দাসৰ বিজেপিৰ নেতৃবৃন্দৰ লগত এক সুসম্পৰ্ক আছে আৰু সেয়ে ভাৰতত এই সামাজিক মাধ্যম এক বিশেষ উদ্দেশ্যত ব্যৱহৃত হৈ আছে বুলি উল্লেখ কৰিছিল ৱালষ্ট্ৰীট জাৰ্ণেলে ৷

কংগ্ৰেছ দলৰ তৰফৰপৰা ফেচবুকৰ মূৰব্বী মাৰ্ক জুকাৰবাৰ্গলৈ এই অভিযোগৰ সবিশেষ দাখিল কৰি পত্ৰ প্ৰেৰণ কৰা হৈছে ৷

ইতিমধ্যে ফেচবুকৰ কাৰ্যালয়ৰপৰা নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি বিষয়টো সমাধান কৰা হ’ব বুলি কংগ্ৰেছ দলক জনোৱা হৈছে ৷  (IANS)