মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিশ্বৰ সৰ্ববৃহৎ সৌৰ প্ৰকল্প গুজৰাটত

বিশ্বৰ সৰ্ববৃহৎ সৌৰ প্ৰকল্প গুজৰাটত

প্ৰধানমন্ত্ৰীয়ে মঙ্গলবাৰে গুজৰাটত ইন্ধনৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব

গান্ধীনগৰ, ১৪ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙ্গলবাৰে তেওঁৰ গৃহ ৰাজ্য গুজৰাটত পৃথিৱীৰ সৰ্ববৃহৎ সৌৰ শক্তি আৰু বায়ু শক্তিৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব ৷ কাচ্ছ জিলাত নিৰ্মাণ কৰা এই শক্তি প্ৰকল্পৰ যোগেদি ৩০,০০০ মেগা ৱাটৰ অপৰম্পৰাগত উৎসৰ পৰা শক্তি উৎপাদন হ’ব ৷

এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীও উপস্থিত থাকিব ৷ তাৰোপৰি মোডীয়ে কাচ্ছ ,দ্বাৰকা,ভাৱনগৰ,ঘ’ঘা আৰু সোত্ৰপদ সোমনাথ  সাগৰৰ জলৰ পৰা  নিমখ শুদ্ধিকৰণৰ ৪টা প্ৰকল্পৰ শিলান্যাস কৰিব ৷

পূৰ্বতে পাঞ্জাৱৰ পৰা প্ৰবজন কৰা আৰু বৰ্তমানে কাচ্ছৰ বাসিন্দা কিছু কৃষকৰ লগতো মত বিনিময় কৰিব ৷ আন এক অনুষ্ঠানত ২০০১ৰ কাচ্ছ ভূমিকম্পত প্ৰাণ হেৰুৱা লোক সকলৰ স্মৃতিত কিছু পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়েও মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ লগত আলোচনা কৰিব ৷ (IANS)