বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Agriculture  / বিহাৰৰ কৃষকে নুশুনে বিজেপিৰ কথা

বিহাৰৰ কৃষকে নুশুনে বিজেপিৰ কথা

দেশৰ আন প্ৰান্তৰ কৃষকৰ দৰেই একেধৰণৰ সমস্যাত ভাৰাক্ৰান্ত বিহাৰী কৃষক

পাটনা,১৪ ডিচেম্বৰ: বিজেপিয়ে কৃষকক ‘সন্ত্ৰাসবাদী’ আখ্যা দি আকৌ এইবাৰ কৃষক সভা অনুষ্ঠিত কৰি কৃষকৰ মন আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে ৷ কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছোৱালে কালি ৰাজ্যখনৰ ৰাজধানী পাটনাৰ ভক্তিয়াৰপুৰত কৃষকসকলৰ সভা অনুষ্ঠিত কৰি কৃষকসকলক মন আকৰ্ষণৰ চেষ্টা কৰা বিষয়টো সমালোচনা কৰি ৰাষ্ট্ৰীয় জনতা দলৰ তৰফৰপৰা কোৱা হৈছে যে বিহাৰৰ কৃষক তেওঁলোকৰ মিছা আভুৱাভৰা কথাত ভোল নাযায় ৷

দলটোৰ মুখপাত্ৰ চিত্তৰঞ্জন গগনে কয়”বিহাৰৰ জনসাধাৰণে যোৱা ১৫ বছৰে তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি শুনি আহিছে ৷ আন ঠাইৰ কৃষকৰ দৰেই তেওঁলোকৰো সমস্যা একেই৷কৃষকৰ সমস্যাৰ বাবেই জনতা দল ইউনাইটেডে বিগত নিৰ্বাচনত ১৫ খন জিলাত কৃষকৰ পৰা কোনো ধৰণৰ সমৰ্থন নাপালে আৰু তেওঁলোকৰ সহযোগী দল বিজেপিয়েও দহ খন জিলাত কোনো ধৰণৰ সমৰ্থন পোৱা নাছিল ৷

“কৃষি উৎপাদনৰ একচেটিয়া বজাৰ’ ভংগ কৰাৰ বাবে সদায় গৌৰৱবোধ কৰি কৃতিত্ব লোৱা নীতিশ কুমাৰে কিন্তু কেতিয়াও নকয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষকৰ বাৰ্ষিক আয় আৰু বিহাৰৰ কৃষকৰ বাৰ্ষিক আয়ৰ মাজত থকা বৃহৎ পাৰ্থক্যৰ কাৰণ ৷

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত এজন কৃষকৰ বাৰ্ষিক আয় ৭৭,১২৪ টকা হোৱাৰ বিপৰীতে বিহাৰৰ কৃষকৰ আয় মাত্ৰ ৪২,৬৮৪ টকা ৷

বিহাৰত প্ৰাইমেৰী এগ্ৰিকালছাৰেল ক্ৰেডিটৰ জৰিয়তে ধান আৰু ঘেহু বিক্ৰীৰ ব্যৱস্থা আছে যদিও প্ৰক্ৰিয়াটো দীঘলীয়া হোৱাৰ বাবে কৃষকে মধ্যভোগীৰ জৰিয়তেই তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাটোক প্ৰাধান্য দিয়ে ৷ (IANS)