সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মদাহী -ভঙুৱাৰ আড্ডা নামতোলা

মদাহী -ভঙুৱাৰ আড্ডা নামতোলা

অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰিণত হৈছে অসম-নগালেণ্ড সীমান্তৰ নামতোলা৷এই প্ৰতিবেদন যুগুতাইছে অভিজিৎ ভূঞাই

চৰাইদেউ,১৪ ডিচেম্বৰ: চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা মাত্ৰ কেই কিলোমিটাৰ দূৰত্বৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ। চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই এচাম সমাজ বিৰোধী লোকে এই স্পৰ্শকাতৰ অঞ্চলটোত গঢ়ি তুলিছে মদ- ভাং তথা জুৱাৰ আড্ডা।

বিগত বিভিন্ন সময়ত চৰাইদেউ জিলা প্ৰশাসনৰ লগতে আবকাৰী বিভাগে নামতোলাত অবৈধভাবে চলি থকা অসামাজিক কাৰ্যকলাপ বিৰোধী অভিযান চলাইছিল যদিও প্ৰশাসনক গুৰুত্ব নিদি একাংশ দুষ্ট চক্ৰই পুনৰ অসামাজিক কাৰ্যকলাপ গঢ়ি তুলিছে।

অসম-নগালেণ্ড সীমান্তৰ অঞ্চলটোক ক’ৰিডৰ হিচাপে লৈ একাংশ লোকে অবৈধ ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে। অঞ্চলটোৰ কেইখনমান পান দোকান আৰু কাপোৰৰ দোকানৰ জৰিয়তে ড্ৰাগছ তথা ভাং আৰু কানিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থকা বুলিও নাম প্ৰকাশত অনিচ্ছুক কেইবাগৰাকীও স্থানীয় সচেতন ব্যক্তিয়ে জানিবলৈ দিছে।

অতি গুৰুত্বপূৰ্ণ কথা যে অসম-নগালেণ্ড সীমান্তৰ নামতোলাস্থিত প্ৰৱেশ পথত মাজে সময়ে নিয়মীয়া তালাচী চলোৱা হয় যদিও অবৈধ ব্যৱসায়ত জড়িত লোকসকলে অঞ্চলটোৰ একাংশ ব্যৱসায়ী তথা দল-সংগঠনৰ নেতাৰ জৰিয়তে ড্ৰাগছ, ভাং আদিৰ সৰবৰাহ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে ,নামতোলা আৰক্ষীৰ লগত গোপন মিতিৰালিৰ জৰিয়তে এইসকল সৰবৰাহকাৰীয়ে দুষ্টচক্ৰটোৰপৰা বুজন পৰিমাণৰ কমিছন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে। মন কৰিবলগীয়া যে  চলিত বৰ্ষটোতেই কেইবাবাৰো অবৈধ ড্ৰাগছ তথা ভাং সৰবৰাহত জড়িত লোকক আটক কৰাৰ লগতে বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য জব্দ কৰিছিল আৰক্ষীয়ে।

তাৰ পিছতো নামতোলা আৰক্ষীৰ সোপা ঢিলা নীতিৰ বাবেই এনেধৰণৰ অবৈধ ব্যৱসায় অব্যাহত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে বহু জনে। এই সন্দৰ্ভত টাওকাক গাঁও পঞ্চায়তৰ প্ৰতিনিধি বিতু মৈত্ৰই কয় “নামতোলা অঞ্চলটো অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে।

ড্ৰাগছ, গোটখা, ভাং, অবৈধ সুৰাৰ বহুল প্ৰচলৰ ফলত এতিয়া অপৰাধ বৃদ্ধি পাইছে। নামতোলা আৰক্ষীয়ে যিদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেইদৰে নকৰাৰ ফলতেই সুবিধা লৈছে সমাজবিৰোধী চক্ৰই।

আনহাতে বহু সমাজ সচেতন লোকে নগালেণ্ডৰ মন জিলাৰ লগত সম্পৰ্ক থকা সূত্ৰে ধনৰ বিনিময়ত অবৈধ সৰবৰাহত জড়িত হৈ আছে আৰু এই কাৰ্যই উঠি অহা প্ৰজন্মৰ বাবে ভয়াবহ হিচাপে বিবেচিত হৈছে।” মন কৰিবলগীয়া যে চলিত বৰ্ষত ড্ৰাগছ, ভাঙৰ সৰবৰাহ সম্পৰ্কীয় দহটাৰো অধিক গোচৰ ৰুজু হৈছে নামতোলা আৰক্ষী থানাত।

তাৰ পিছতো আৰক্ষীলৈ কেৰেপ নকৰে অপৰাধী চক্ৰই। এই সন্দৰ্ভত নামতোলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গুণেশ্বৰ কুমাৰে কয় “আৰক্ষীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে যদিও সফল হোৱা নাই। আৰক্ষীৰ চকুত ধূলি দি অপৰাধী চক্ৰই চোৰাংকৈ পথ সৃষ্টি কৰি অবৈধ সৰবৰাহত লিপ্ত হৈ আছে”। মন কৰিবলগীয়া যে নামতোলা আৰক্ষীয়ে মাজে সময়ে তালাচী চলোৱা পৰিলক্ষিত হয় যদিও চিনাকি লোকক তালাচীৰ পৰা ৰেহাই দিয়াৰ বাবেই  বহু অপৰাধী সুৰুঙাৰে পাৰ হৈ যায়।

এই কাৰ্যত এতিয়া আৰক্ষী আৰু অপৰাধীৰ মিতিৰালি থকাৰ সন্দেহ সৃষ্টি হৈছে।