শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সঘন বৈঠক শ্বাহ – টোমৰৰ

সঘন বৈঠক শ্বাহ – টোমৰৰ

পৃথকে পৃথকে আলোচনাত বহাৰ পোষকতা চৰকাৰৰ

নতুন দিল্লী,১৪ডিচেম্বৰ — দিল্লী আৰু কাষৰীয়া অঞ্চলত কৃষকৰ প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে কৃষকসকলৰ দাবী আৰু অন্যান্য সমস্যা লৈ আজি পুনৰ আলোচনাত মিলিত হয়।

ইতিমধ্যে ১৯ দিনত ভৰি দিয়া কৃষক বিক্ষোভৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ  মন্ত্ৰীসকলে সঘনাই আলোচনাত মিলিত হৈছে। আজি অমিত শ্বাহৰ বাসভৱনত হোৱা আলোচনাত দুইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কৃষকসকল আৰু তেওঁলোকৰ নেতা সকলৰ লগত সমগ্ৰ দেশজুৰি আলোচনা কৰি এক সুস্থ বাতাবৰণ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে।

আনহাতে  চৰকাৰী সূত্ৰই জনোৱা মতে কিছু ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত কৃষকসকল কেন্দ্ৰীয় চৰকাৰৰ লগত পুনৰাই আলোচনা কৰিবলৈ ইচ্ছুক নহয় । এতিয়া সেইবাবে কেন্দ্ৰীয় চৰকাৰে পাঞ্জাৱ, হাৰিয়ানা ,মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ,ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ বিভিন্ন কৃষক গোটৰ লগত পোনপটীয়াকৈ আলোচনাত বহিব বিচাৰিছে।

উল্লেখযোগ্য যে এই কৃষক সকলৰ কিছু গোটৰ ২৬ নৱেম্বৰৰ পৰা দিল্লী আৰু উপকণ্ঠ অঞ্চলত আন্দোলন চলাই থকা ৩২ টা সংগঠনৰ লগত কিছু মত পাৰ্থক্য আছে । ইতিমধ্যে হাৰিয়ানাৰ কৃষকৰ এটা গোটে কেন্দ্ৰীয় চৰকাৰক এক পত্ৰ যোগে প্ৰয়োজনীয় সংশোধনীৰ পিছত নতুন কৃষি আইন গ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি জনাইছে আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰে কৃষকৰ অন্যান্য গোট সমূহৰ লগতো পোনপটীয়াকৈ আলোচনাত  বহিছে।

তাৰোপৰি অমিত শ্বাহে কালি পাঞ্জাৱৰ বিজেপি নেতা সকলৰ লগতো নৰেন্দ্ৰ সিঙ টোমৰৰ উপস্থিতিত এই বিষয়ে আলোচনা কৰে। আনহাতে ,প্ৰতিবাদকাৰী কৃষকৰ নেতা সকলে সোমবাৰে এদিনীয়া অনশন কাৰ্যসূচী পালন কৰে আৰু এই এদিনীয়া অনশন কাৰ্যসূচীত বিভিন্ন প্ৰদেশৰ প্ৰায় সকলো জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পালন কৰা হয়। উল্লেখ কৰিব পাৰি যে হাজাৰ হাজাৰ কৃষকে চৰকাৰৰ নতুন কৃষি নীতিৰ বিৰুদ্ধে বিগত দিনসমূহত প্ৰবল প্ৰতিবাদ কৰি আছে ৷  (IANS)