সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘হাত’ দঙাৰ চেষ্টা কংগ্ৰেছৰ

‘হাত’ দঙাৰ চেষ্টা কংগ্ৰেছৰ

বিজেপিৰ দুৰ্নীতিৰ বাবেই উৎখাত কৰিব লাগে দলটোক৷এই প্ৰতিবেদন যুগুতাইছে ভাস্কৰ জ্যোতি শ‌ইকীয়াই

নগাঁও, ১৪ ডিচেম্বৰ:  তিৱা‌ স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তিৱা স্বায়ত্ব পৰিষদৰ নগাঁও জিলাৰ অংশত পৰা দহটা পৰিষদীয় সমষ্টি ক্ৰমে ২০ নং বাৰপূজীয়া, ২১ নং টোপাকুচি, ২২ নং পুখুৰী পাৰ,২৩ নং জৰাবাৰী, ২৪নং জোঙাল বলহু, ৩০ নং নামবৰ লালুং গাওঁ, ২৮ নং লুটুমাৰী, ২৯ নং কমাৰগাওঁ, ২৫ নং চহৰি, ৩১ নং লালংপাৰ সমষ্টিত বিজেপি, কংগ্ৰেছ, অগপকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান‌ অব্যাহত ৰাখিছে। প্ৰচাৰ অভিযান তুঙ্গত উঠাৰ সময়তে আজি নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২২ নং পুখুৰী পাৰ পৰিষদীয় সমষ্টিত কংগ্ৰেছ দলে প্ৰচাৰ অভিযান চলাইছে।

কাছমাৰী বৰা গাঁও সমূহীয়া মঞ্চত অনুষ্ঠিত কংগ্ৰেছ দলৰ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি দলৰ লগতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক সমালোচনাৰে থকা- সৰকা কৰে।

ভাষণ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰি বিভাজনৰ ৰাজনীতি কৰিছে। জাতি- জনগোষ্ঠীক ভাগ ভাগ কৰিব বিচাৰিছে। কংগ্ৰছ দলে সকলো জাতি- জনগোষ্ঠী, ধৰ্ম, বৰ্ণ সম্প্ৰদায় সকলোকে একত্ৰিত কৰি আগুৱাই লৈ যাব বিছাৰিছে।

সকলোৱে যাতে মৰ্যদাসহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে কংগ্ৰছ দলে যুঁজ দি আহিছে। উন্নয়ন আৰু সম বিকাশৰ শ্ল’গানেৰে ৰাজ্যৰ ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে চাৰে চাৰিটা বছৰত অসমৰ ৰাইজক প্ৰতাৰণাৰ বাদে আন একো দিব নোৱাৰিলে। বৰাই লগতে কয় যে পৰিষদীয় নিৰ্বাচনত এতিয়া জয় লাভৰ বাবে ভোটাৰক প্ৰলোভিত কৰাৰ লগতে একাংশ ভোটাৰক ব্লেক মেইলিং কৰিব বিচাৰিছে।

বিজেপিক ভোট নিদিলে ৰেচন কাৰ্ড, বিনামূলীয়া চাউল কৰ্তন কৰা হ’ব বুলি বিজেপি নেতা কৰ্মীয়ে ভাবুকি দিছে। তেওঁ আৰু কয় যে বিজেপি চৰকাৰে অসমৰ সম্পদ ৰক্ষা কৰাৰ সলনি অসমৰ ৰাজহুৱা সম্পদ এপদ এপদকৈ পুঁজিপতিৰ হাতত বিক্ৰী কৰিছে। বিজেপিৰ প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধ ভাৱে যুঁজ দিবলৈ বৰাই আহ্বান জনাই তেওঁ। তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে আশাপদ ফলাফল লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

সোমবাৰে নিৰ্বাচনী সভাখনত শিল্পী বাবু, অজয় ফুকন, প্ৰাণা দেৱনাথ আদিয়ে গীত পৰিৱেশন কৰে। সভাখনত প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰমানন্দ বৰা, জিলা যুৱ কংগ্ৰেছৰ বিষয় ববীয়া, পুখুৰী পাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপামনি ডেকা শইকীয়াই ভাষণ প্ৰদান কৰে। ইয়াৰ আগতে ডিমৌ চাৰিআলিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক কংগ্ৰছৰ নেতা কৰ্মী সকলে সমদল কৰি আগুৱাই নিয়ে।