সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ২০ লাখ কোটি টকাৰ পেকেজ !

২০ লাখ কোটি টকাৰ পেকেজ !

প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা পেকেজ আছিল 'মন ভুলোৱাৰ আহিলা'

দিল্লী,১৪ ডিচেম্বৰ: মহামাৰী ক’ভিডৰ সময়ত বিগত মে’ মাহত মোডী চৰকাৰে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল ৷ কংগ্ৰেছ দলৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে এক টুইট যোগে এই পেকেজক এক মন ভুলোৱাৰ বাবে কৰা ঘোষণা আছিল বুলি উল্লেখ কৰে ৷

ৰাহুল গান্ধীৰ মতে ক’ভিডৰ সময়ৰ এই ঘোষণা আৰু নিৰ্বাচনৰ আগত প্ৰতিগৰাকী ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকা জমা হৈ যাব বুলি কৰা ঘোষণা একেধৰণৰ মন ভুলোৱা ঘোষণাই আছিল ৷ ৰাহুল গান্ধীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী গৰাকীয়ে যিটো সময়ত এই ঘোষণা কৰিছিল সেই সময়ত দেশত মহামাৰীয়ে অনাগত দিনত কি পৰ্যায় পাবগৈ তাৰ কোনো ধাৰণা নাছিল,তাতেই বুজা যায় যে মোডীৰ সেই ঘোষণাৰ কোনো গুৰুত্ব নাছিল ৷

আনহাতে,সেই সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণাৰ লগতো মোডীৰ ঘোষণাৰ কোনো সাদৃশ্য নাছিল ৷ আনহাতে, প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজ সম্পৰ্কত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আবেদন জনাইছিল পুনেৰ এগৰাকী ব্যৱসায়ী প্ৰফুল চৰদাই ৷

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি ‘ইমিৰজেঞ্চি ক্ৰেডিট লাইন গ্যৰাণ্টি স্কীম’ৰ অধীনত আত্মনিৰ্ভৰ ভাৰত অভিযান আঁচনি আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ বাবে প্ৰায় তিনি লাখ কোটি টকা মুকলি কৰি দিয়া হৈছে ৷ বাকী ১৭ লাখ কোটি টকা সম্পৰ্কত কোনো তথ্য তেওঁক জনোৱা নহ’ল ৷  (IANS)