সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Biosphere  / Forest Reserves  / ‘ত্ৰেতা’ যুগ আৰম্ভ হ’ব অযোধ্যাত

‘ত্ৰেতা’ যুগ আৰম্ভ হ’ব অযোধ্যাত

ৰামায়ণৰ কাহিনীক 'সজীৱ' কৰাৰ চেষ্টা

অযোধ্যা,১৫ ডিচেম্বৰ: অযোধ্যাত নিৰ্মীয়মাণ ৰাম জনমভূমিত বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণত উল্লেখিত প্ৰতি জোপা গছৰ পুলিয়েই ৰোপণ কৰা হ’ব ৷ দেওদৰ,ৰক্তচন্দন,আম,চন্দন,শাল,নাগকেশৰ,ধাক,আঁহত,,অশোক,বট,সীতা অশোক, লৌধ,অগৰ আদি গছৰ নাম ৰামায়ণৰ বিভিন্ন কাহিনী,উপকাহিনীত উল্লেখ আছে ৷ তদুপৰি কাহিনীবোৰত গছৰ গুৰুত্বৰ কথাও উল্লেখ কৰা হৈছিল ৷ সেয়ে মন্দিৰ নিৰ্মাণ সমিতিয়ে মন্দিৰ চৌহদৰ ভিতৰত এই গছবোৰ ৰুৱাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ এই সম্পৰ্কত অযোধ্যাৰ মাণ্ডলিক বন বিষয়া মনোজ খাৰে কয়”ৰামায়ণত উল্লেখ থকা প্ৰতি জোপা গছেই  ইয়াৰ চৌহদত ৰোপণ কৰিব ৷

বন বিভাগে ত্ৰেতা যুগৰ এক পৰিবেশ মন্দিৰ চৌহদত গঢ়ি তোলাৰ বাবেই বন বিভাগ আৰু মন্দিৰ কৰ্তৃপক্ষই যুটীয়াভাৱে এই সিন্ধান্ত গ্ৰহণ কৰিছে ৷ “”ৰামায়ণত প্ৰায় ৮৯ বিধ বিভিন্ন ধৰণৰ গছ গছনিৰ বিষয়ে উল্লেখ আছে ৷ ইয়াৰে কিছুমান সৰু জোপোহা জাতীয় আৰু ঘাঁহ জাতীয়ও আছে ৷ অন্যহাতে কিছুমান বৃহৎ বৃক্ষ আকৃতিৰ গছো আছে ৷ আমি তেনেধৰণৰ সকলো গছেই ইয়াত ৰুবলৈ চেষ্টা কৰিম”-এনেদৰে মন্তব্য কৰে বন বিষয়া গৰাকীয়ে ৷ “ইয়াৰে কিছুমান গছ উত্তৰ প্ৰদেশত পোৱা নাযাব ৷ সেয়ে বাহিৰৰ ৰাজ্যৰ পৰা অনাৰ ব্যৱস্থা কৰা হ’ব৷তদুপৰি বন বিভাগৰ বছৰেকীয়া বৃক্ষৰোপণ কাৰ্যসূচীত এই গছবোৰৰ বেছিভাগেই অন্তৰ্ভুক্ত কৰা নহয়,সেয়ে হয়তো বাহিৰৰ পৰা গছৰ পুলিবোৰ ক্ৰয় কৰিব লাগিব ৷ ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ন্যাসে আমাক গছবোৰ ৰোপণ কৰাৰ বাবে স্থান দেখুৱাই দিব আৰু আমি সেই মতে গছবোৰ ৰুই যাম”-খাৰেই কয় ৷ (IANS)