সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পাঁচ কোটিৰ কৰ্মসংস্থাপন

পাঁচ কোটিৰ কৰ্মসংস্থাপন

অনাগত পাঁচ বছৰত ৫ কোটি লোকে কৰ্মসংস্থাপন লাভ কৰিব

নতুন দিল্লী,১৫ ডিচেম্বৰ: আগন্তুক পাঁচ বছৰত কেন্দ্ৰীয় চৰকাৰে পাঁচ কোটি লোকক কৰ্মসংস্থাপন দিব, এই ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহন,লঘু,মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ বিগত বছৰ সমূহত আশী হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিছে কেৱল গ্ৰাম্য উদ্যোগসমূহে ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াক পাঁচ কোটিলৈ বৃদ্ধি কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ বাবে উপযুক্ত পৰিকল্পনাৰে আৰু সঠিক দিশত অগ্ৰসৰ হৈছে ৷ এগ্ৰ’ভিজন ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এগ্ৰ’ ফুড প্ৰচেছিঙৰ এক অনুষ্ঠানত ভাৰ্চুৱেলি অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ লক্ষ্যৰ বিষয়ে এনেদৰে কয় ৷ তেওঁ লগতে কয় যে কৃষি আৰু খাদ্য সংশাধন বিভাগত অনাগত দিনত অধিক লোকক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ভাৰতে এতিয়া ২৮০ লাখ টন চাউল উৎপাদন কৰি আছে যিটো আমাৰ দেশৰ বাবেই সুখবৰ আৰু আমি সমগ্ৰ বিশ্বলৈ এই ধান ৰপ্তানি কৰিব পাৰিম ৷ অনুষ্ঠানটোত গাডকাৰীয়ে ৩৭ খন মেগা ফুড পাৰ্ক নিৰ্মাণৰ অনুমতি প্ৰদান কৰাৰ বাবে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক ধন্যবাদ জনায় ৷ ইয়াৰে ২১ খন খাদ্য সংশাধনৰ লগত জড়িত ৷ ২০৩০ চনৰ ভিতৰত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে উপভোক্তাৰ দেশ হিচাপে পঞ্চম স্থানত থাকিব বুলিও তেওঁ আশা ব্যক্ত কৰে ৷ কিষাণ ৰেল ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু ই কৃষক সকলক যথেষ্ট সকাহ দিছে বুলি উল্লেখ কৰি গাডকাৰীয়ে কয় যে কেৱল বিদৰ্ভৰ পৰাই এই ৰেলৰ জৰিয়তে ১কোটি টকাৰ ৰাজহ উপাৰ্জন হৈছে ৷ মন্ত্ৰীগৰাকীয়ে লগতে পিয়াঁজ জমা কৰাৰ বাবে উপযুক্ত ভঁৰালৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে ৷ (IANS)