শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰচাৰ শেষ,’নিশাৰ খেল’হে বাকী

প্ৰচাৰ শেষ,’নিশাৰ খেল’হে বাকী

নিজম পৰিল নিৰ্বাচনী সভা,পৰহিলৈ ভোট ৷ এই প্ৰতিবেদন যুগুতাইছে ভাস্কৰ জ্যোতি শ‌ইকীয়া

 নগাঁও, ১৫ডিচেম্বৰ: “কংগ্ৰেছ এতিয়া অচল মুদ্ৰা, ৩২খন আসন লাভ কৰি তিৱা পৰিষদ আমিয়ে গঠন কৰিম” নগাঁৱত আজি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পুখুৰীপাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি আজি বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে।নগাঁৱৰ ডিমৌ চাৰিআলিৰ পৰা বেবেজীয়া, জামুগুৰি হৈ কাছমাৰীলৈ আজি বিজেপিৰ বিধায়কগৰাকীয়ে এখন খোলা জীপত প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰক লগত লৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে। বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে অসমৰ ৰাইজে এতিয়া উন্নয়ন বিচাৰে আৰু উন্নয়নৰ বাবেই সমষ্টি কেৱল বিজেপিক বিচাৰে। সেয়ে এইবাৰ তিৱা স্বায়ত্বশাসিত পৰিষদত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই।

আনহাতে, বৰছিলা সমষ্টিৰ অগপ প্ৰাৰ্থী চম্পেশ্বৰ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিৰ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাই কয়, “কংগ্ৰেছক ভোট দিয়া আৰু ভোট নলাত পেলাই দিয়া একেই কথা। কংগ্ৰেছ এতিয়া ফুটা বেলুন পাম্প দিলেও পাম্প নৰয়। বিটিচিত কংগ্ৰেছৰ এজনেই জিকিছিল সেইজনো বিজেপিলৈ আহিল। তিৱা স্বায়ত্ব শাসিত পৰিষদতো কংগ্ৰেছৰ একে দশাই হ’ব।” ভোটাৰক আকৰ্ষিত কৰিবলৈ সম্পূৰ্ণ তিৱা সাজ পোচাকত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা বিধায়িকা আঙুৰলতাই মঞ্চত অগপ নেতা-কৰ্মীৰ সৈতে বিহুগীতো পৰিৱেশন কৰে। আনহাতে এই সভাত অগপৰ নেতা মণিমাধৱ মহন্ত, মামনি বৰাৰ লগতে বিজেপিৰো বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা ১৭ ডিচেম্বৰত হ’ব লগা ৩৫টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ বাবে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে।

ইফালে গৌৰৱ গগৈক স্কুটীত বহুৱাই বটদ্ৰৱাত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ১৯ নং বৰচিলা তিৱা স্বায়ত্ব পৰিষদ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধর্মেন্দ নাথ বৰদলৈ আৰু দুলাল দেউৰীৰ হৈ বাইক ৰেলীৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ  চলালে গৌৰৱ গগৈ – ৰকিবুল হুছেইনে। নিৰ্বাচনী প্ৰচাৰ সভা কেইখনত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে। সভাকেইখনত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা শিৱামনি বৰাৰ ,অভিজিৎ বৰা লগতে বহুতো দলীয় কৰ্মী উপস্থিত থাকে।