শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰাপ্তবয়স্কৰ ভেকচিনৰ প্ৰতি অনীহা

প্ৰাপ্তবয়স্কৰ ভেকচিনৰ প্ৰতি অনীহা

গৰিষ্ঠসংখ্যক আমেৰিকানৰ ভেকচিনৰ প্ৰতি আগ্ৰহ নাই

নিউয়ৰ্ক, ১৫ ডিচেম্বৰ – আমেৰিকা যুক্তৰাষ্ট্ৰত সমগ্ৰ দেশব্যাপী ক’ভিডৰ প্ৰতিষেধক আগন্তুক দিন সমূহত সৰ্ব সাধাৰণ ৰাইজক দিবলৈ প্ৰস্তুতি সম্পন্ন কৰাৰ সময়তে এক সমীক্ষা মতে দেশখনৰ প্রায় ২১ শতাংশ প্ৰাপ্তবয়স্কই এই প্ৰতিষেধক নোলোৱাৰ সিদ্ধান্ত লৈছে। ‘আমেৰিকান জাৰ্নেল অব ইনফেক্সন কনট্ৰল’ত প্ৰকাশ পোৱা এক সমীক্ষা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাপ্তবয়স্ক লোকসকলৰ মনস্তাত্বিক আৰু সামাজিক পৰিবেশৰ বিভিন্ন তথ্য বিশ্লেষণ কৰা এই সমীক্ষাত ৭৮৮ জন প্ৰাপ্ত বয়স্ক লোকে ভাগ লৈছিল আৰু প্ৰায় ৬০ শতাংশ লোকে আগন্তুক দিনসমূহত প্ৰতিষেধক ল’ব বুলি প্ৰকাশ কৰিছিল। আন প্ৰায় ১৯ শতাংশই মত নিদিলে আৰু প্ৰায় ২১ শতাংশই এই প্ৰতিষেধক নোলোৱাৰ কথা প্ৰকাশ কৰিছে।

আনহাতে, জৰুৰী অৱস্থাত এই প্ৰতিষেধক ল’ব নে নাই বুলি প্ৰশ্ন কৰোতে প্ৰায় ৪৭ শতাংশ লোকে উত্তৰ দিয়ে যে জৰুৰী অৱস্থাত তেওঁলোকে নিশ্চয়কৈ ল’ব। ভাৰ্জিনীয়া কমনৱেলথ বিশ্ব বিদ্যালয়ৰ কৰ্মৰত তথা সমীক্ষাৰ প্ৰধান ব্যক্তি জেনী গোইদিৰে কয় যে এই সমীক্ষাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে সাধাৰণ লোকে ক’ভিড১৯ ৰ প্ৰতিষেধক জৰুৰী অৱস্থাত গ্ৰহণ কৰাৰ বিষয়ে যথেষ্ট চিন্তিত ৷ তেওঁ লগতে কয় যে  ফাইজাৰ আৰু মডাৰ্ণা কোম্পেনীৰ যোগেদি প্ৰস্তুত কৰা এই প্ৰতিষেধকৰ হয়তো কিছুমান পাৰ্শ্বক্ৰিয়াৰ বিষয়ে সমীক্ষাত ভাগ লোৱা সকলৰ দুঃচিন্তা হৈছে আৰু সেইবাবেই তেওঁলোকে এই প্ৰতিষেধক লবলৈ ইচ্ছা কৰা নাই। তাৰোপৰি জনগোষ্ঠীৰ গাঁথনি অনুসৰি ,বয়সৰ অনুপাতেও এই সমীক্ষাত কিছু উল্লেখযোগ্য তথ্য পোহৰলৈ আহিছে ।

উদাহৰণ স্বৰূপে বয়োজ্যেষ্ঠ সকলতকৈ কম বয়সীয়া লোকসকলে এই প্ৰতিষেধক লবলৈ বেছি ইচ্ছুক বুলি মত প্ৰকাশ কৰিছে। তাৰোপৰি শিক্ষাগত অৰ্হতা আৰু স্বাস্থ্য বীমা থকা লোক সকলে তথা যিসকল লোকৰ স্বাস্থ্যজনিত সমস্যা ইতিমধ্যে আছে, তেওঁলোকে এই প্ৰতিষেধক লবলৈ বেছি ইচ্ছা প্ৰকাশ কৰিছে। এইদৰে বিভিন্ন ধৰণৰ কাৰকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন সাধাৰণ লোকৰ ক’ভিড ১৯ ৰ প্ৰতিষেধক লোৱা-নোলোৱা সিদ্ধান্ত বহু পৰিমানে নিৰূপণ কৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে ৷