দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিপদজনক প্ৰথম দহ দিন !

বিপদজনক প্ৰথম দহ দিন !

নতুন গৱেষণাই স্পষ্ট কৰিলে ক’ভিড ৰোগীৰ বাবে প্ৰথম দহ দিন যথেষ্ট ভয়াবহ

নিউয়ৰ্ক,১৫ ডিচেম্বৰ: ক’ভিড মহামাৰী যিহেতু বিশ্ববাসীৰ বাবে নতুন সেয়ে ইয়াৰ প্ৰতিৰোধ,চিকিৎসা,সংক্ৰমণ আদি বিভিন্ন বিষয়ৰ ওপৰত চিকিৎসক তথা গৱেষকসকলে গৱেষণা অব্যাহত ৰাখিছে ৷ প্ৰথমাৱস্থাত গৱেষকসকলে মত প্ৰকাশ কৰিছিল যে ক’ভিড আক্ৰান্ত ৰোগীসকল চিকিৎসালয়ৰ পৰা উভতি যোৱাৰ পিছত প্ৰায় দুই তিনি মাহলৈকে পুনৰ গুৰুতৰ ভাৱে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ কিন্তু শেহতীয়া গৱেষণাত পুনৰ এক নতুন তথ্য পোহৰলৈ আহিছে ৷ সেই অনুসৰি এবাৰ ক’ভিডত আক্ৰান্ত হ’লে পুনৰ এক সপ্তাহৰ ভিতৰত গুৰুতৰভাৱে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে আনকি মৃত্যু পৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে ৷ চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পিছত প্ৰায় ৪০% ৰ পৰা ৬০% লোক গুৰুতৰভাৱে আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে আৰু আনকি এনেদৰে আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাৰ তথ্যও পোৱা গৈছে ৷ ক’ভিডত আক্ৰান্ত হোৱাৰ ৬০ দিনৰ পিছত অৱশ্যে পুনৰ আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা একেবাৰে কম ৷ কিন্তু প্ৰথম দুটা মাহৰ ভিতৰত যথেষ্ট সংখ্যক লোকে মৃত্যুক সাৱটিবলগীয়া হৈছে ৷ ১৮.৫ শতাংশ লোকৰ এনেদৰে মৃত্যু হোৱাৰ তথ্য ইতিমধ্যে পোৱা গৈছে ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিছিগান বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষকেে কয়” আমি এতিয়া দেখিছোঁ যে চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱা ৰোগী প্ৰথম দহ দিনত পুনৰ আক্ৰান্ত হয় ৷ সেয়ে প্ৰথম দহটা দিন অত্যন্ত সংবেদনশীল হিচাপে বিবেচিত হৈছে ৷ “ক’ভিড ১৯  আন ৰোগৰ দৰে নহয়,ইয়াৰ লক্ষণবোৰ কেতিয়াবা সঠিকভাৱে দেখা পোৱা নাযায় ৷ (IANS)