শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘বিশ্বাসহীনতা’ৰ পৰিবৰ্তে ‘বিশ্বাসৰ ৰাজনীতি’

‘বিশ্বাসহীনতা’ৰ পৰিবৰ্তে ‘বিশ্বাসৰ ৰাজনীতি’

ঐতিহাসিক শিৱসাগৰত নৱগঠিত অজাপৰ অভিবৰ্তন৷এই প্ৰতিবেদন যুগুতাইছে অভিজিৎ ভূঞাই

চৰাইদেউ, ১৫ ডিচেম্বৰ : এক ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ দিশত আগবাঢ়িছে শিৱসাগৰ। 

ৰাজ্যত আত্মপ্ৰকাশ ঘটা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ’ব ঐতিহাসিক শিৱসাগৰত। শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত অহা ১৬ আৰু ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব ৰাজনৈতিক বহু প্ৰত্যাশিত অভিবৰ্তনখন। আৰু তাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠাৰ সমান্তৰালকৈ সমগ্ৰ শিৱসাগৰ চহৰখনত দলটোৰ নীল বৰণীয়া পতাকা তথা পোষ্টাৰে ভৰি পৰিছে। 

উল্লেখযোগ্য যে জাতিধ্বংসী বুলি অভিহিত  নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠা সময়তে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অন্যান্য দল-সংগঠনসমূহে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নতুন এক ৰাজনৈতিক বিকল্পৰ প্ৰয়োজন বুলি মুকলিকৈ মন্তব্য ৰাখিছিল। যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই গঠন কৰা অসম পৰামৰ্শদাতা সমিতিৰ পৰামৰ্শ ক্ৰমে ৰাজ্যত আত্মপ্ৰকাশ হৈছিল অসম জাতীয় পৰিষদ নামৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ। এই দলটো সম্পূৰ্ণকৈ গঠন কৰাৰ বাবে নিয়োজিত কৰা আহ্বায়ক সকলে বিভিন্ন অঞ্চলত জিলা তথা আঞ্চলিক পৰ্যায়ৰ সমিতি গঠনেৰে দলৰ ভেটি গঢ়াৰ পিছত অহা ১৬ আৰু ১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হবলগীয়া ৰাজনৈতিক অভিৱৰ্তনতে অসম জাতীয় পৰিষদৰ মূল সমিতিখন গঠন কৰা হ’ব।

জানিব পৰা মতে অভিৱৰ্তনলৈ প্ৰতিখন জিলাৰ পৰা ৫ গৰাকী প্ৰতিনিধি আহিব লগতে প্ৰতিটো বিধান সভা সমষ্টিৰ পৰা ৫গৰাকীকৈ প্ৰতিনিধিয়ে অংশ লব এই অভিৱৰ্তনত। ৪ টাকৈ ভাতৃ সংগঠনৰ পৰা ১০গৰাকীকৈ প্ৰতিনিধিয়ে অংশ লব এই অভিৱৰ্তনত। আনহাতে, প্ৰতিনিধি সকলৰ উপৰিও অন্যান্য কাৰ্যসূচীত ৰাজ্যৰ লক্ষাধিক লোকৰ সমাগম হ’ব বুলি আশা কৰা হৈছে।

অভিৱৰ্তনৰ কাৰ্যসূচী অনুসৰি দুখনকৈ জাতীয় দিকদৰ্শন সন্মিলন, দলৰ প্ৰতিনিধি সভা, সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভা অনুষ্ঠিত হ’ব আৰু এই মুকলি সভাতেই অসম জাতীয় পৰিষদক আনুষ্ঠানিক ৰূপ দিয়া হ’ব। 

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যপ্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বহু কেইগৰাকী জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতায়ো অভিৱৰ্তনত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

অভিৱৰ্তন সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জগদীশ ভূঞাই কয় “এইবাৰ অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তন হ’ব। বিশ্বাসহীনতাৰ  পৰা ৰাইজক মুক্ত কৰিবলৈ অসম জাতীয় পৰিষদ দায়বদ্ধ। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ্থে এই অভিৱৰ্তনতে সংকল্প ল’ব অসম জাতীয় পৰিষদে। অসমৰপৰা প্ৰতাৰক ৰাজনীতিক উফৰাবই লাগিব। অযথা হৈ চৈৰ বিপৰীতে সুস্থ চিন্তা সুস্থ আলোচনাৰ জৰিয়তে অসমৰ ৰাইজৰ বিশ্বাসভাজন এখন চৰকাৰ গঠন কৰিবলৈ অসম জাতীয় পৰিষদৰ আপ্ৰাণ চেষ্টা অব্যাহত থাকিব।

” আনহাতে, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা অসম জাতীয় পৰিষদৰ আন এগৰাকী আহ্বায়ক প্ৰদীপ বৰগোহাঁয়ে কয়, “অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনে অসমবাসীৰ মনত আশাৰ সঞ্চাৰ কৰিব পাৰিব বুলি আশা কৰা হৈছে। এই ৰাজনৈতিক অভিৱৰ্তনে এক নতুন দিগন্তৰ সূচনা কৰিব । ৰাজনৈতিক অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ আহিবলগীয়া প্ৰতিজন লোককে আদৰণি সমিতিৰ তৰফৰ পৰা সহযোগিতা আগবঢ়োৱা হ’ব।” আনহাতে, বিশিষ্ট নাট্যকাৰ তথা সচেতন নাগৰিক দীপক কুমাৰ কলিতাই কয় “ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে শিৱসাগৰবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে এক ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ’বলৈ সুযোগ পাইছে। ৰাইজে সুযোগ গ্ৰহণ কৰা উচিত জাতিৰ স্বাৰ্থত”।