সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভাৰতীয় সভ্যতাৰ জ্ঞান লাভ কৰিব কেৱল অসমতহে !

ভাৰতীয় সভ্যতাৰ জ্ঞান লাভ কৰিব কেৱল অসমতহে !

ভাৰতীয় সভ্যতাৰ বিষয়ে পাঠদান কৰা অসম প্ৰথম ৰাজ্য হ’ব

গুৱাহাটী১৫ ডিচেম্বৰঃ অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰী পুঁজিত চলি থকা সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ হোৱাৰ পাছত সকলো ধৰ্মৰ শিক্ষাৰ্থীৰ বাবে ভাৰতীয় সভ্যতাৰ পাঠদান কৰা হ’ব ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বহা কেবিনেট বৈঠকত দেওবাৰে চৰকাৰী সাহাৰ্যপ্ৰাপ্ত সকলো সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এনে ৬৮৩ খন মাদ্ৰাছাক সাধাৰণ বিদ্যালয় আৰু আন ৯৭খন সংস্কৃত টোলক কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন কৰা হ’ব ৷ এই সংস্কৃত টোলবিলাকত ভাৰতীয় কলা,সংস্কৃতি,সভ্যতা আদিৰ বিষয়ে পাঠদান কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে ৷ এই মাদ্ৰাছা সমূহৰ বাবে বছৰি অসম চৰকাৰে ২৬০ কোটি ব্যয় কৰি আহিছিল বুলি মন্ত্ৰীজনে উল্লেখ কৰে আৰু লগতে কয় যে চৰকাৰী ধন ধৰ্মশিক্ষা প্ৰদানত খৰচ কৰিব নোৱাৰি ৷ অসমত মাদ্ৰাছা শিক্ষা ১৯৩৪ চনত  মহম্মদ ছাদুল্লা অসমৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে আৰম্ভ কৰিছিল বুলিও মন্ত্ৰীজনে ব্যক্ত কৰে ৷ মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা প্ৰায়বোৰ ছাত্ৰই ভৱিষ্যতে চিকিৎসক তথা অভিযন্তা হ’বলৈহে ইচ্ছা কৰে বুলিও মন্ত্ৰী শৰ্মাই কয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন মুছলমান সম্প্ৰদায়ৰ অধ্যাপকে চলোৱা এক সমীক্ষাত মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা ছাত্ৰসকলৰ অভিভাৱকসকল তেওঁলোকৰ সন্তানক আধুনিক বিষয়সমূহৰ পৰিৱৰ্তে কেৱল ধৰ্ম সংক্ৰান্তীয় বিষয় সমূহহে পঢ়োৱা হয় বুলি অৱগত নহয় ৷