শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / যোগীৰ বিৰূদ্ধে এইবাৰ নামিব কেজৰিৱাল

যোগীৰ বিৰূদ্ধে এইবাৰ নামিব কেজৰিৱাল

২০২২ চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত নামিব আম আদমী দল

নতুন দিল্লী, ১৫ ডিচেম্বৰ — দিল্লীত ক্ৰমাগত ভাবে ৩ বাৰকৈ শাসনত অধিষ্ঠিত হোৱাৰ পিছত আম আদমী দলে এতিয়া দিল্লীৰ কাষৰীয়া উত্তৰ প্ৰদেশত ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰিছে। দলটোৰ কেন্দ্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন ডিজিটেল  সংবাদ মেলত এই কথা ঘোষণা কৰি কয়  যে উত্তৰ প্ৰদেশৰ প্ৰত্যেকজন নাগৰিকেই এখন সৎ চৰকাৰ আগন্তুক দিনত বিচাৰিছে আৰু এনে চৰকাৰ ৰাইজক উপহাৰ দিবলৈ একমাত্ৰ আম আদমী দলহে সমৰ্থ। তাৰোপৰি ৰাজ্যখনৰ নাগৰিক সকলে প্ৰত্যেকটো ৰাজনৈতিক দলৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰি কেজৰিৱালে কয় যে এই ৰাজনৈতিক দল সমূহে ৰাজ্যবাসীক বাৰম্বাৰ বিশ্বাসঘাটকতা কৰি আহিছে।

তাৰোপৰি অৰবিন্দ কেজৰিৱালে কয় যে আম আদমী দলে মানুহৰ মনৰ চেতনা জাগ্ৰত কৰি এনে এক গণ আন্দোলন গঢ়ি তুলিছে আৰু তেওঁলোকৰ  আশা আকাংক্ষা পূৰণ কৰিয়েই বিগত তিনিবাৰ চৰকাৰ গঠনো কৰিছে ৷ এই আদৰ্শকে সৰোগত কৰি ২০২২ চনত উত্তৰ প্ৰদেশ বিধান সভাৰ নিৰ্বাচনী যুদ্ধত অংশগ্ৰহণ কৰিব বুলি তেওঁ ঘোষণা কৰে ৷ ৰাজ্যখনৰ প্ৰত্যেকখন চৰকাৰেই ৰাজ্যবাসীক প্ৰতাৰণা কৰাৰ ফলস্বৰূপে সৰু- বৰ সকলো কামৰ বাবে উত্তৰ প্ৰদেশৰ জন সাধাৰণে কাষৰীয়া দিল্লীলৈ দৌৰ মাৰিব লাগে বুলি তেওঁ কটাক্ষ কৰে।দেশৰ ভিতৰতে উত্তৰ প্ৰদেশ ইমান এখন বৃহৎ ৰাজ্য হোৱা স্বত্তেও সকলো দিশৰ পৰা অত্যন্ত পিছপৰি আছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে আৰু কয় যে আম আদমী দলে এই ৰাজ্যখনৰ সৰ্বাঙ্গীন বিকাশৰ বাবে চেষ্টা কৰিব ৷ (IANS)