মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Sports  / অনাগত ১৪ বছৰলৈ দিন বাৰ ঠিক হ’ল এছিয়ান গেমচৰ

অনাগত ১৪ বছৰলৈ দিন বাৰ ঠিক হ’ল এছিয়ান গেমচৰ

২০৩০ আৰু ৩৪ ত এছিয়ান গেমচ হ’ব ডোহা আৰু ৰিয়াধত

হাংজাও,১৬ ডিচেম্বৰ:২০৩০ আৰু ২০৩৪ চনৰ এছিয়ান গেমচ অনুষ্ঠিত হ’ব ক্ৰমে ডোহা আৰু ৰিয়াধত৷ ৷ আজি এই কথা ঘোষণা কৰে অলিম্পিক কাউঞ্চিল অব এছিয়াই ৷ অ’মানৰ মাস্কটত আজি অনুষ্ঠিত সাধাৰণ সভাত অলিম্পিক কাউঞ্চিল অব এছিয়াৰ সদস্যসকলৰ অনলাইন ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল আৰু সেই প্ৰক্ৰিয়াটোত মুঠ ৪৫ জনৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতেই কাউঞ্চিলে ডোহাত ২০৩০ চনৰ এছিয়ান গেমচ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ৷ এই ভোটিং প্ৰক্ৰিয়াৰ পিছত অলিম্পিক কাউঞ্চিল অব এছিয়াৰ সভাপতি শ্বেইখ আহমেদ আল ফাহাদে কয়”মই প্ৰকৃততে আজি বিৰাট সুখী কাৰণ পশ্চিম এছিয়াত দুখন এছিয়ান গেমচ অনুষ্ঠিত হ’ব ৷ ’’২০০৬ চনত ইয়াৰ আগতে ডোহাত এছিয়ান গেমচ অনুষ্ঠিত হৈছিল ৷ উল্লেখযোগ্য যে ২০২২ চনত চীনৰ হাংজাওত এছিয়ান গেমচ অনুষ্ঠিত হ’ব ৷ (IANS)