শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / ‘অন্নদাতা’ৰ ভয়ত ছানীলৈ নিৰাপত্তা

‘অন্নদাতা’ৰ ভয়ত ছানীলৈ নিৰাপত্তা

কৃষকৰ আন্দোলনত সন্দেহ ব্যক্ত কৰি ছানীয়ে পালে উৱাই কেটেগৰী নিৰাপত্তা

ছণ্ডীগড়,১৬ ডিচেম্বৰ: বলিউডৰ অভিনেতা তথা পঞ্জাৱৰ গুৰদাসপুৰ সমষ্টিৰ সাংসদ ছানী দেউলক কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰৰ তৰফৰ পৰা উৱাই কেটাগৰীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে ৷ শেহতীয়াকৈ কৃষকৰ প্ৰতিবাদততে বিষয়টো উল্লেখ কৰি টুইটাৰত কৰা এক মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে বহু লোক ক্ষুণ্ণ হৈছিল যাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যোৱা ৬ ডিচেম্বৰত বলিউডৰ অভিনেতাগৰাকীয়ে টুইটাৰত লিখিছিল”মই ভাবো বহুতে এই কৃষক বিদ্ৰোহৰ সুবিধা লৈছে ৷ কিছুমানে নিজৰ লক্ষ্য পূৰণৰ আহিলা হিচাপে এই প্ৰতিবাদক ব্যৱহাৰ কৰা যেন মোৰ ভাৱ হয় ৷ “তেওঁ আনকি এই আলোচনাবোৰ কৃষক আৰু চৰকাৰৰ মাজত সীমাবদ্ধ থকাটোৱেই উচিত আছিল বুলি মন্তব্য কৰিছিল ৷ তেওঁলৈ ১১জন নিৰাপত্তাৰক্ষী আগবঢ়োৱা হৈছে য’ত দুজন কমাণ্ডোও আছে ৷ (IANS)