দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ওৱেছীৰ চকু এইবাৰ যোগীৰ ৰাজ্যত

ওৱেছীৰ চকু এইবাৰ যোগীৰ ৰাজ্যত

ওৱেছীয়ে এইবাৰ প্ৰাৰ্থীত্ব দিব উত্তৰ প্ৰদেশত

লক্ষ্ণৌ,১৭ ডিচেম্বৰ: অল ইণ্ডিয়া মজলিছ ঈ ইতেহাদুল মুছলিমিনৰ ’সভাপতি আছাউদ্দিন ওৱেছীয়ে আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত আলোচনা কৰিবলৈ আজি লক্ষ্ণৌত উপস্থিত হৈছে ৷ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য হৈছে সৰু সৰু দলবোৰৰ লগত তেওঁৰ দলৰ মিত্ৰতা তথা বুজাপৰাৰ বিষয়বোৰ আলোচনা কৰা ৷ উল্লেখযোগ্য যে ওৱেছীৰ দলে ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰিব ৷ ৰাজ্যখনৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ সভাপতি ওম প্ৰকাশ ৰাজভৰৰ লগত ইতিমধ্যে ওৱেছী আলোচনাত মিলিত হৈছে ৷ সংবাদমাধ্যমৰ আগত ওৱেছীয়ে কয় “দুটা দলৰ ৰাজনৈতিক নেতা মিলিত হোৱাৰ উদ্দেশ্য সকলোৱে জানে ৷ মই ইতিমধ্যে ওম প্ৰকাশ ৰাজভৰৰ লগত আলোচনা সমাপ্ত কৰিছোঁ ৷ এতিয়া প্ৰগতিশীল সমাজবাদী পাৰ্টি লহীয়াৰ সভাপতি শিৱপাল যাদৱৰ লগত মিলিত হ’ম ৷ শিৱপাল যাদৱৰ এক ভাল দখল আছে উত্তৰ প্ৰদেশত ৷

“বিহাৰ নিৰ্বাচনত জয়লাভ কৰা সম্পৰ্কত ওৱেছীয়ে কয় ৰাজভৰহঁতৰ দৰে নেতাই মোক বিহাৰ নিৰ্বাচনত জয়লাভ কৰাত সহায় কৰিছিল ৷ “তেওঁ পুনৰ জানুৱাৰীত ৰাজ্যখন ভ্ৰমণ কৰিব বুলি উল্লেখ কৰি কয়”এইয়া প্ৰথম আৰম্ভণিহে ৷ জানুৱাৰীত মই পুনৰ আহি এই দলবোৰৰ লগত আলোচনাত মিলিত হ’ম ৷ “পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ ৰাজ্যৰ সংখ্যালঘু ভোটবেংক ভাঙিবলৈ ওৱেছীক বিজেপিয়ে ক্ৰয় কৰা বুলি উল্লেখ কৰা বিষয়টো সম্পৰ্কত সোধাত ওৱেছীয়ে কয় “মমতা বেনাৰ্জী এসময়ত এনডিএৰ অংশ আছিল ৷ সময়ে প্ৰমাণ কৰিব প্ৰকৃত সত্য কি ?পৃথিৱীত এনে কোনো শক্তি নাই যিয়ে ওৱেছীক ক্ৰয় কৰিব পাৰিব ৷ “উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হায়দৰাবাদৰ নাম সলনি কৰি ভাগ্যনগৰ কৰাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয়”মই উত্তৰ প্ৰদেশৰ কোনো ঠাইৰে নাম সলনি নকৰোঁ ৷”(IANS)