বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কংগ্ৰেছৰ ‘ধন্যবাদ জোৱান’

কংগ্ৰেছৰ ‘ধন্যবাদ জোৱান’

সেনাবাহিনীক কৃতজ্ঞতা জনাবলৈ উত্তৰাখণ্ডত কংগ্ৰেছৰ অভিযান

ডেৰাডুন,১৬ ডিচেম্বৰ: ভাৰত পাকিস্তান যুদ্ধৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে উত্তৰাখণ্ডৰ কংগ্ৰেছে ভাৰতীয় সেনাবাহিনীক কৃতজ্ঞতা প্ৰকাশ কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এক অভিযান আৰম্ভ কৰিছে ৷ দলটোৱে এই অভিযানৰ নাম দিছে ‘ধন্যবাদ জোৱান৷ ’উত্তৰাখণ্ডৰ কংগ্ৰেছৰ সভাপতি প্ৰীতম সিঙে আজি এই অভিযানৰ শুভাৰম্ভ কৰে ৷ অৱসৰপ্ৰাপ্ত সেনা জোৱান আৰু কৰ্মৰত সেনাজোৱানৰ দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি দিবলৈকে এই অভিযান আৰম্ভ কৰা হৈছে ৷ “আমাৰ সেনাসকলৰ সাহস আৰু ত্যাগক মই যথেষ্ট সন্মান কৰোঁ ৷ মই তেওঁলোকৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ অভাৱ অভিযোগ তেওঁলোকৰ পৰিয়ালৰ এজন সদস্যৰ দৰে সমাধান কৰিবলৈ আগ্ৰহী ৷

“এটা হোৱাটচএপ নম্বৰ ৰাজহুৱা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ আগন্তুক দুমাহৰ ভিতৰত প্ৰতি গৰাকী সেনা জোৱানৰ ঘৰলৈ যাব আৰু যিকোনো ধৰণৰ অভাৱ অভিযোগ তেওঁক হোৱাটচএপ নম্বৰটোৰ জৰিয়তে জনাব পাৰিব ৷ কংগ্ৰেছ নেতাজনে আজি ৩০ টা পৰিয়ালক এই উপলক্ষে সম্বৰ্দ্ধনা জনায় ৷ উল্লেখযোগ্য যে ১,৩,৪৩ জন জোৱানে এতিয়ালৈকে ৰাষ্ট্ৰপতিৰ বিভিন্ন সেৱা পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ১জনে পৰমবীৰ চক্ৰ,৬ জনে অশোক চক্ৰ,১৩ জনে মহাবীৰ চক্ৰ আৰু ৩২ জনে কৃতী চক্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ (IANS)