বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পৈতৃক সম্পত্তি নহয় মুছলমান

পৈতৃক সম্পত্তি নহয় মুছলমান

মুছলমান ভোটাৰ মমতা বেনাৰ্জীৰ একচেটিয়া সম্পতি নহয়

হায়দাৰবাদ,১৬ ডিচেম্বৰ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যোৱাকালি বিজেপি দলে হায়দাৰবাদৰ এক দলক অৰ্থ সাহাৰ্য প্ৰদান কৰি আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে ভোট বিভাজন কৰিবলৈ প্ৰয়াস কৰিছে বুলি অভিযোগ কৰাৰ পিছতে AIMIM দলৰ নেতা আছাউদ্দিন ওৱেছীয়ে প্ৰতি আক্ৰমণ কৰি কয় যে মুছলমান ভোটাৰসকল মমতা বেনাৰ্জীৰ পৈতৃক সম্পত্তি নহয় ৷ মমতা বেনাৰ্জীয়ে চিন্তাশীল মুছলমান ব্যক্তিক পছন্দ নকৰে বুলি ওৱেছীয়ে আন এক অভিযোগ কৰে আৰু কয় যে কোনেও তেওঁক অৰ্থৰ বিনিময়ত ক্ৰয় কৰিব নোৱাৰে ৷ তাৰোপৰি সদ্য সমাপ্ত বিহাৰ নিৰ্বাচনত ওৱেছীৰ দলৰ হৈ ভোটদান কৰা লোকসকলক এনে মন্তব্যৰে মমতা বেনাৰ্জীয়ে অপমান কৰিছে বুলিও উল্লেখ কৰে ৷ উল্লেখযোগ্য যে ওৱেছীৰ দলে বিহাৰ বিধান সভা নিৰ্বাচনত ৫ খন আসন জিকিবলৈ সমৰ্থ হৈছিল ৷ (IANS)