বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিডেন সাজু !

বিডেন সাজু !

২০ জানুৱাৰীত শপত ল’ব জ’ বিডেন আৰু হেৰিছে

,১৬ ডিচেম্বৰ-আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেন আৰু উপৰাষ্ট্ৰপতি কমলা হেৰিছে আগন্তুক বৰ্ষৰ ২০ জানুৱাৰীত  দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ কিন্তু প্ৰতি বছৰৰ দৰেই এইবাৰৰ এই অনুষ্ঠানটোত অংশগ্ৰহণকাৰীৰ সংখ্যাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা থাকিব ৷ বিডেনৰ দায়িত্বভাৰ গ্ৰহণৰ অনুষ্ঠানটো লাইভ কৰা হ’ব আৰু সেয়ে আমেৰিকাৰ বাসিন্দাই উক্ত অনুষ্ঠানটো ঘৰত থাকিয়েই উপভোগ কৰিব পাৰিব ৷ এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই ৫৯ সংখ্যক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ কাৰ্যসূচী দেখা পাব ৷

আনহাতে, বিডেনৰ দায়িত্বভাৰ গ্ৰহণৰ কাৰ্যসূচীৰ দায়িত্বত থকা বিষয়া গৰাকীয়ে কয়” আমাৰ এই অনুষ্ঠান অত্যন্ত আকৰ্ষণীয় হ’ব৷প্ৰতিজন আমেৰিকাৰ বাসিন্দাই এই অনুষ্ঠানবোৰ ভাল পাব ৷ কিন্তুু সকলোৱে যাতে ঘৰতে থাকিয়েই উপভোগ কৰে তাৰ বাবে আমি সকলোকে অনুৰোধ জনালোঁ ৷ “এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে এইবাৰ যিহেতু সীমাবদ্ধতা আছে সেয়ে অনলাইনত এই অনুষ্ঠানৰ লগ’ থকা কিছু আলোকচিত্ৰ সংযোজিত কৰা সামগ্ৰীৰ বিক্ৰী আৰম্ভ হৈছে ৷ মাগ,কাপ,টী শ্বাৰ্ট,কেপ আদি ইতিমধ্যে অনলাইনত বিক্ৰী আৰম্ভ হৈছেই ৷ উল্লেখযোগ্য যে এই অনুষ্ঠানত আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰহণ কৰা নকৰাৰ বিষয়ে কোনো নিৰ্দিষ্ট তথ্য নাই ৷