সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মহন্তই যি কৰিলে,লুৰিণে যাতে নকৰে

মহন্তই যি কৰিলে,লুৰিণে যাতে নকৰে

আপোচহীন ৰাজনীতি কৰিবলৈ অসম জাতীয় পৰিষদত যোগদান লুৰিণজ্যোতি গগৈৰ ৷ এই প্ৰতিবেদন অভিজিৎ ভূঞাৰ

শিৱসাগৰ, ১৬ ডিচেম্বৰ : বহু প্ৰতীক্ষাৰ অন্তত শিৱসাগৰত দুদিনীয়াকৈ আৰম্ভ হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি দলটোত যোগদান কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যপ্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত অভিৱৰ্তনৰ কাৰ্যসূচীৰ জৰিয়তে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে লুৰিণজ্যোতি গগৈয়ে। অসম আৰু অসমীয়াৰ স্বাভিমান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’বলৈ আৰু অসমবাসীৰ আশা-আকাংক্ষাক সাকাৰ ৰূপ দিবলৈ অসম জাতীয় পৰিষদৰ জৰিয়তে ৰাজনৈতিক পথাৰত খোজ দিয়া বুলি মন্তব্য কৰে যোগদানৰ পাছতে। লুৰিণজ্যোতি গগৈয়ে কয় “ৰাজ্যৰ উন্নয়ন, নিবনুৱা সমস্যা, বান-গৰাখহনীয়া সমস্য, বিদেশী অনুপ্ৰবেশকাৰী সমস্যাৰ ক্ষেত্ৰত বিগত চৰকাৰসমূহে বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে। দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ আছে সাধাৰণ জনতা।

জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে ‘কা’ৰ জৰিয়তে বিদেশীক ৰঙা দলিচা পাৰি দিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগিব অসমৰ জনতা। অসমৰ ৰাইজে এতিয়া অস্তিত্বৰ সংকটত ভুগিছে। তেনে ক্ষণত প্ৰতিজন অসমীয়াক মূৰ তুলি জীয়াই থাকিবলৈ সাহস দিয়া প্ৰয়োজন। সেয়েহে জাতিৰ স্বাৰ্থত আপোচহীন ৰাজনীতি কৰিবলৈ আগবাঢ়ি আহিছোঁ । ” মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে উদাত্ত কণ্ঠে বিকল্প ৰাজনীতিৰ কথা কৈছিল লুৰিণজ্যোতি গগৈয়ে। আৰু তাৰেই ফলশ্ৰুতিত আত্মপ্ৰকাশ ঘটা অসম জাতীয় পৰিষদত আজি যোগদান কৰিলে যুৱ নেতা গৰাকীয়ে৷উল্লেখযোগ্য যে কালি অগপ ত্যাগ কৰা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকায়ো আজি অসম জাতীয় পৰিষদত যোগদান কৰে ৷