মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মৰ্মান্তিক !

মৰ্মান্তিক !

১২জন লোকৰ মৃত্যু

চম্বল,১৬ ডিচেম্বৰ-উত্তৰ প্ৰদেশৰ চম্বল জিলাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এখন বাছ আৰু টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত উক্ত দুৰ্ঘটনা সংঘটিত হয় ৷ উক্ত দুৰ্ঘটনাত মুঠ ১২ জন লোকে প্ৰাণ হেৰুৱাইছে ৷ আজি পুৱাৰ ভাগত হোৱা এই দুৰ্ঘটনাৰ কাৰণ অত্যধিক কুঁৱলী বুলি জানিব পৰা গৈছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উদ্ধাৰকাৰী দল তথা জিলা প্ৰশাসনক উদ্ধাৰ কাৰ্য ক্ষীপ্ৰ কৰাৰ লগতে সকলো প্ৰয়োজনীয় সাহাৰ্য আগবঢ়োৱাৰ নিৰ্দেশ দিছে ৷ (IANS)