দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কংগ্ৰেছত পদত্যাগৰ ধুম

কংগ্ৰেছত পদত্যাগৰ ধুম

কেৱল অসম কংগ্ৰেছতেই নহয় গোৱাতো কংগ্ৰেছৰ একে অৱস্থা

পানাজী ১৭ ডিচেম্বৰ: বিগত ১২ডিচেম্বৰত অনুষ্ঠিত হোৱা গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত অত্যন্ত বেয়া ফলাফল প্ৰদৰ্শন কৰাৰ বাবে গোৱাৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গিৰীশ চোডাংকৰে আজি দলৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷ উল্লেখযোগ্য যে গোৱাৰ শেহতীয়া এই জিলা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে মাত্ৰ ৪ খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বিজেপি দলে ৩৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  তথা দক্ষিণ গোৱাৰ সাংসদ ফ্ৰান্সিস্ক’ চাৰদিনহাই নিৰ্বাচনত শোচনীয় পৰজয়ৰ পিছত নেতৃত্বক সমালোচনা কৰিছিল আৰু সম্ভৱতঃইয়াৰ পিছতেই ৰাজ্যিক সভাপতি গৰাকীয়ে পদত্যাগৰ এই সিন্ধান্ত গ্ৰহণ কৰিছিল ৷ (IANS)