সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কৰণলৈ জাননী

কৰণলৈ জাননী

পাৰ্টি পাতি বিপদত জোহৰ

মুম্বাই,১৭ ডিচেম্বৰ: নাৰ্কটিক কণ্ট্ৰোল ব্যুৰ’ই কৰণ জোহৰলৈ এক জাননী প্ৰেৰণ কৰিছে ৷ ২০১৯ চনত তেওঁৰ বাসভৱনৰ এটা পাৰ্টিৰ বাবে এই জাননী তেওঁলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখযোগ্য যে তেওঁৰ  ঘৰৰ পাৰ্টিৰ সেই ভিডিঅ’টোত উপস্থিত অভ্যাগতই ড্ৰাগছ লোৱাৰ তথ্য পোৱা গৈছিল ৷ “মজিন্দৰ সিং চিৰছা নামৰ ব্যক্তিজনৰ পৰা পোৱা তথ্যৰ ভিত্তিত এই ভিডিঅ’টো পৰীক্ষা কৰা হৈছিল আৰু তাৰ বিষয়ে অধিক তথ্য আহৰণৰ বাবে তেওঁলৈ এই জাননী প্ৰেৰণ কৰা হৈছে”-বিভাগটোৰ এগৰাকী শীৰ্ষ বিষয়াই এনেদৰে কয় ৷

শিৰোমণি আকালী দলৰ নেতা চিৰছাই এই অভিযোগত জনাই যে কৰণ জোহৰৰ ঘৰত অনুষ্ঠিত সেই দিনাৰ ড্ৰাগছ পাৰ্টিটোত কেইবাজনো বিখ্যাত অভিনেতা অভিনেত্ৰীয়ে অংশ লৈছিল ৷ দীপিকা পাডুকন,অৰ্জুন কাপুুৰ,বিকি কৌশল,মালাইকা আৰোৰা ,বৰুণ ধাৱান,ৰণবীৰ কাপুৰ আদিও উক্ত দিনাৰ পাৰ্টিত উপস্থিত আছিল ৷ (IANS)