সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / পাণ্ডাৰ মতে ১০০ খাটাং

পাণ্ডাৰ মতে ১০০ খাটাং

মোডীৰ দিনতহে প্ৰকৃত উন্নয়ন দেখিছে বোলে মানুহে

গুৱাহাটী,১৭ ডিচেম্বৰ:২০২১ চনত অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি তথা ইয়াৰ সহযোগী দলসমূহে ১০০ খন আসন লাভ কৰিবলৈ সক্ষম হ’ব ৷ এনেদৰে মন্তব্য কৰে বিজেপিৰ উপসভাপতি বৈজয়ন্ত জয় পাণ্ডাই ৷ পাণ্ডাক শেহতীয়াকৈ বিজেপি দলৰ ইনচাৰ্জ হিচাপে নিযুক্তি দিছে দলটোৱে আৰু দায়িত্বভাৰ গ্ৰহণৰ পিছত দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিছে পাণ্ডা ৷ “বিজেপিৰ ভেটি অসমত যথেষ্ট সবল৷সকলো জাতি জনগোষ্ঠীৰ মানুহে বিজেপিক আদৰি লৈছে ৷

আনহাতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উন্নয়নৰ কৰ্মপন্থাক আদৰি লৈছে সকলোৱে কিয়নো জনসাধাৰণেি প্ৰকৃত উন্নয়ন দেখা পাইছে”- এনেদৰে কয় পাণ্ডাই ৷ উল্লেখযোগ্য যে বিজেপি ২০১৬ চনত প্ৰথমবাৰলৈ ৰাজ্যখনত ক্ষমতালৈ আহিছিল আৰু প্ৰথম বাৰতেই ৬০ খন আসনেৰে সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল ৷ অৱশ্যে দলটোৱে চৰকাৰ গঠনৰ সময়ত মিত্ৰতা ধৰ্ম পালন কৰি অগপ আৰু বিপিএফৰ সহায় লৈছিল ৷