বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰথমেই অখিলৰ মুক্তিৰ দাবী কৰিলে লুৰিণে

প্ৰথমেই অখিলৰ মুক্তিৰ দাবী কৰিলে লুৰিণে

চৰকাৰ গঠনৰ লক্ষ্যৰে আনুষ্ঠানিক ৰূপ ল’লে অসম জাতীয় পৰিষদে ৷ এই প্ৰতিবেদন আগবঢ়াইছে অভিজিৎ ভূঞাই

শিৱসাগৰ,১৭ ডিচেম্বৰ: নতুনকৈ আত্মপ্ৰকাশ কৰা অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। শিৱসাগৰত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তনৰ প্ৰতিনিধি সভাৰ আলোচনা মৰ্মে দলীয় নেতৃবৃন্দই সভাপতি হিচাপে লুৰিণজ্যোতি গগৈক দায়িত্ব অৰ্পণ কৰে। আনহাতে, অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে জগদীশ ভূঞাক দায়িত্ব অৰ্পণ কৰাৰ লগতে ১১ গৰাকীক উপসভাপতিৰ দায়িত্ব অৰ্পণ কৰে। মূল পদবীত অধিষ্ঠিত হোৱা নেতাসকলৰ নাম মুকলি সভাত ৰাজহুৱা কৰা হয়।

বৰ্ডিং খেলপথাৰত অনুষ্ঠিত মুকলি সভাত অসম জাতীয় পৰিষদৰ প্ৰথমগৰাকী সভাপতি হিচাপে লুৰিণজ্যোতি গগৈৰ নাম ঘোষণা কৰে ৰাজ্যিক মুখ্য আহ্বায়ক ড: কৃষ্ণগোপাল ভট্টাচাৰ্যই।ইফালে ৰাজনৈতিক অভিৱৰ্তনত পুত্ৰ লুৰিণজ্যোতিক আশীৰ্বাদ দিবলৈ তিনিচুকীয়াৰ বৰ লাইপুলিৰপৰা আত্মীসকলৰ সৈতে শিৱসাগৰত উপস্থিত হয় মাতৃ দুলুমণি গগৈ। ৰাজনৈতিক অভিৱৰ্তনত উপস্থিত হৈ লুৰিণজ্যোতি গগৈৰ মাতৃয়ে কয় ,”সি কাম ভালকৈ কৰিলে মোৰো ভাল লাগিব।ইমান ডাঙৰ গধুৰ বোজা লৈ সি কি কৰিব সেয়াও মোৰ চিন্তা।” উল্লেখ্য যে ১৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ দ্বিতীয় দিনা পুৱা শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। এই সভাতে অসম জাতীয় পৰিষদৰ সমিতিখন গঠন কৰা হয়। আনহাতে, শিৱসাগৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহত গায়ন-বায়ন, জিকিৰ আৰু জাৰি, ঝুমুৰ, বিহুৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

অভিৱৰ্তনত অংশগ্ৰহণ কৰি সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা পাছত লুৰিণজ্যোতি গগৈয়ে কয়, “অসম জাতীয় পৰিষদৰ বাবে অসমী আই প্ৰথম। ইয়াত কোনো ব্যক্তি প্ৰথম নহয়। আমাৰ অসমী আই দিল্লীৰ কোনো শক্তিৰ বহতীয়া নহয়। সমগ্ৰ বিশ্ববাসীক দেখুৱাই দিম অসমীয়া জাতি কিমান স্বাভিমানী”। গগৈয়ে পুনৰ  কয় ,”২০২১ত অসমৰ ৰাইজে সপোনৰ চৰকাৰ খন পাবই। কোনো শক্তিয়ে ইয়াৰ বাবে বাধা দিব নোৱাৰে। হিন্দু-মুছলমানৰ নামত সমাজ বিভাজিত কৰা অপশক্তিক স্বাভিমানী অসমীয়াই ওফৰাই পেলাব এইবাৰ’। ইফালে অখিল গগৈৰ মুক্তিৰ প্ৰসংগত  তেওঁ কয়, “অগণতান্ত্ৰিকভাৱে গ্ৰেপ্তাৰ কৰা অখিল গগৈক মুকলি কৰি দিব লাগিব চৰকাৰে। এয়াই এই সময়ত প্ৰধান দাবী”। মন কৰিবলগীয়া যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে ৰাজনৈতিক অভিৱৰ্তনখন সামৰণি মৰা হয় যদিও এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় শিৱসাগৰবাসী।