বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প্ৰসাদৰ মৃত্যু

প্ৰসাদৰ মৃত্যু

কুখ্যাত অপৰাধী তথা প্ৰাক্তন সাংসদ ছাহাবুদ্দিনক কাৰাগাৰলৈ নিক্ষেপ কৰা চন্দ্ৰশেখৰ প্ৰসাদৰ মৃত্যু

পাটনা,১৭ ডিচেম্বৰ: বিহাৰৰ কুখ্যাত ৰাজনীতিক তথা দুধৰ্ষ অপৰাধী মহম্মদ ছাহাবুদ্দিনক কাৰাগাৰৰ কুঠৰীলৈ পঠিওৱা চন্দ্ৰশেখৰ প্ৰসাদ ওৰফে চান্দ বাবুৰ যোৱা নিশা মৃত্যু হৈছে ৷ উল্লেখযোগ্য যে প্ৰসাদৰ তিনিজন পুত্ৰকে হত্যা কৰিছিল ছাহাবুদ্দিন আৰু তেওঁৰ সংগীবৃন্দই ৷ প্ৰসাদে আজি  ছিৱানৰ বৰহাৰীয়া বাছ ষ্টেণ্ডৰ সমীপত থকা বাসগৃহত মৃত্যুক সাৱটি লয় ৷ তেওঁৰ পত্নীয়ে আজি তিনি মাহ আগতে মৃত্যুক সাৱটি লয় আৰু বিগত কেইবামাহ ধৰি প্ৰসাদ অসুস্থ হৈ আছিল ৷ ২০০৪ চনৰ ১৬ আগষ্টত প্ৰসাদক ছাহাবুদ্দিনৰ সমৰ্থকে হত্যাৰ চেষ্টা চলাইছিল যদিও তেওঁ এচিডেৰে প্ৰত্যাক্ৰমণ কৰি দুজন আক্ৰমণকাৰীক গুৰুতৰভাৱে আহত কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতেই ছাহাবুদ্দিনৰ আক্ৰমণকাৰীয়ে প্ৰসাদৰ তিনি গৰাকী পুত্ৰকে অপহৰণ কৰি লৈ যায় আৰু ইয়াৰে দুজনক এছিডৰ মাজত ডুবাই  হত্যা কৰে৷ৰাজীৱ প্ৰসাদ আছিল উক্ত ঘটনাৰ অন্যতম সাক্ষী আৰু তেওঁ আছিল প্ৰসাদৰ তৃতীয় পুত্ৰ ৷

প্ৰসাদ আৰু তেওঁৰ তৃতীয় পুত্ৰ ৰাজীৱৰ সাক্ষ্যৰ ভিত্তিত এই সমগ্ৰ গোচৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও ছাহাবুদ্দিনৰ সমৰ্থক তথা ছাহাবুদ্দিনে উক্ত গোচৰ উঠাই ল’বলৈ প্ৰসাদ তথা তেওঁৰ পুত্ৰক ভাবুকি প্ৰদান কৰিছিল ৷ কিন্তু প্ৰসাদ আৰু তেওঁৰ পুত্ৰ এই কথাত সন্মত হোৱা নাছিল বাবে ছাহাবুদ্দিন খৰ্গহস্ত হৈ প্ৰসাদৰ তৃতীয় পুত্ৰ ৰাজীৱক তেওঁৰ সমৰ্থকে ২০১৫ চনত ডিএভি স্কুলৰ ওচৰত গুলীয়াই হত্যা কৰিছিল ৷ উল্লেখযোগ্য যে ৰাজীৱে বিবাহপাশত আৱদ্ধ হোৱাৰ মাত্ৰ ১৫ দিন পিছতে তেওঁক এনেদৰে হত্যা কৰা হৈছিল ৷ ইয়াৰ পিছত ছাহাবুদ্দিনেে তেওঁৰ কেৱল মাত্ৰ বিশেষভাৱে সক্ষম ল’ৰাটোক লৈয়ে জীৱনৰ বাকী দিনবোৰ অতিবাহিত কৰিব লগা হৈছিল ৷ কুখ্যাত অপৰাধী ছাহাবুদ্দিনে এতিয়াও তিহাৰৰ অন্ধকুঠৰীত দিন পাৰ কৰি আছে ৷ (IANS)