বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভেকচিন দিবলৈ সাজু উৰিষ্যা

ভেকচিন দিবলৈ সাজু উৰিষ্যা

প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদান হ’ব বিনামূলীয়া

ভুৱনেশ্বৰ,১৭ ডিচেম্বৰ: উৰিষ্যা চৰকাৰে স্বাস্থ্য কৰ্মী আৰু আন জৰুৰী সেৱাৰ লগত জড়িত কৰ্মীক বিনামূলীয়াকৈ ক’ভিড ভেকচিন আগবঢ়াব ৷ “প্ৰথম পৰ্যায়ত আমি চিকিৎসা কৰ্মী, প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা আৰু জ্যেষ্ঠ নাগৰিকক বিনামূলীয়াকৈ ক’ভিড ভেকচিন আগবঢ়াম ৷ আৰু ইয়াৰ পিছৰ পৰ্যায়ত পৌৰনিগমৰ কৰ্মচাৰী,বিদ্যুত বিভাগৰ কৰ্মচাৰী,পানী যোগানৰ লগত জড়িত লোকক এই ভেকচিন প্ৰদান কৰা হ’ব”- এনেদৰে মন্তব্য কৰে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী নৱকিশোৰ দাসে ৷

জানুৱাৰীৰ পৰা এই ভেকচিন প্ৰদান কৰিব পাৰিব বুলি আশাবাদী মন্ত্ৰীগৰাকী ৷ “কেন্দ্ৰীয় চৰকাৰে ৩০ কোটি লোকক প্ৰথম পৰ্যায়ত এই ভেকচিন প্ৰদান কৰিব ৷ আমি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়েই কামবোৰ কৰি গৈছো”-পুনৰ এনেদৰে কয় মন্ত্ৰী দাসে ৷ ৰাজ্যখনৰ ৩.২লাখ লোকক প্ৰথম অৱস্থাত এই ভেকচিন প্ৰদান কৰা হ’ব ৷ ৰাজ্যখনত ২৯, ২৭৬ টা কেন্দ্ৰত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ (IANS)