বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মমতাৰ দলত বিসম্বাদ

মমতাৰ দলত বিসম্বাদ

তৃণমূল কংগ্ৰেছৰ নেতা শুভেন্দু অধিকাৰীৰ দলত্যাগ

কলকাতা,১৭ ডিচেম্বৰ: পশ্চিম বংগৰ প্ৰাক্তন মন্ত্ৰী শুভেন্দু অধিকাৰীয়ে তৃণমূল কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা আজি পদত্যাগ কৰে ৷ তৃণমূল কংগ্ৰেছৰ সভাপতি তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হাতত আজি অধিকাৰীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ উক্ত পত্ৰত তেওঁ উল্লেখ কৰে এনেদৰে”মই দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা আজি পদত্যাগ কৰাৰ লগতে দলৰ সকলো দায়িত্বৰ পৰা আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিলোঁ ৷ ইমানদিনে দলে দিয়া দায়িত্ব মই পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই দলটোত এক মূল্যৱান সময় দিবলৈ সক্ষম হৈছিলোঁ ৷ “তেওঁ আজি দলৰ বিধায়কৰ পদো ত্যাগ কৰে আৰু অধ্যক্ষ অনুপস্থিত থকা বাবে আৰু সচিবালয়ৰ কৰ্তৃপক্ষৰ ওচৰত হাতে লিখা পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷

যোৱা ২৭ নৱেম্বৰত তেওঁ মন্ত্ৰীৰ পদ ইস্তফা দিয়াৰ লগতে হুগলী ব্ৰীজ কমিচনৰ অধ্যক্ষ পদো ত্যাগ কৰিছিল ৷ দলৰ ৰাজনৈতিক পৰামৰ্শদাতা তথা কৌশল প্ৰণেতা প্ৰশান্ত কিশোৰ আৰু দলৰ নেতা অভিষেক বেনাৰ্জীয়ে গ্ৰহণ কৰা পদক্ষেপক লৈ সন্তুষ্ট নাছিল অধিকাৰী ৷ এতিয়ালৈকে অধিকাৰীয়ে নিজৰ ভবিষ্যত কৰ্মপন্থা ৰাজহুৱা কৰা নাই যদিও কিন্তু তেওঁ বিজেপি দলত যোগদানৰ সম্ভাৱনা প্ৰবল ৷ ইফালে বিজেপিৰ তৰফৰ পৰাও তেওঁ দললৈ আহিলে আদৰি লোৱা হ’ব বুলি জনাইছে ৷ (IANS)