সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Sports  / যোগাসনৰ প্ৰতিযোগিতা হ’ব

যোগাসনৰ প্ৰতিযোগিতা হ’ব

যোগৰ প্ৰতিযোগিতাই শাৰীৰিক,মানসিক উৎকৰ্ষ সাধনত সহায় কৰিব

নতুন দিল্লী,১৭ ডিচেম্বৰ: কেন্দ্ৰীয় যুৱ কল্যাণ তথা ক্ৰীড়া দপ্তৰ আৰু আয়ুস মন্ত্ৰালয়ে আজি যোগাসনক এক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে ঘোষণা কৰে ৷ আজি আয়ুসৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়ক আৰু ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে এখন যুটীয়া সংবাদমেলত এই ঘোষণা কৰে ৷ যোগাসনক এক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে ঘোষণা কৰাৰ আগতে প্ৰায় তিনি চাৰি বছৰ ইয়াৰ ওপৰত বিভিন্ন আলোচনা ,বিশ্লেষণ,মতামত আদি গ্ৰহণ কৰা হৈছিল ৷

মন্ত্ৰী নায়কে কয় যে যোগাসন বৰ্তমান সময়ত বিশ্বব্যাপী জনপ্ৰিয় হৈছে আৰু যোগাসনে মানুহক মানসিক আৰু শাৰীৰিক তথা আধ্যাত্মিক দিশতো শক্তিশালী কৰি ৰাখে ৷ দুইগৰাকী মন্ত্ৰীয়ে লগতে কয় যে তেওঁলোকে যোগাসনক ক্ৰীড়া হিচাপে খেল’ ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰাৰ লগতে বিশ্ববিদ্যালয় পৰ্যায়ৰ সকলো ক্ৰীড়া সপ্তাহৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে ৷ খেল’ ইণ্ডিয়া,ৰাষ্ট্ৰীয় গেমচ আৰু যিকোনো আন্তৰাষ্ট্ৰীয় খেলত যোগাসনক প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে অন্তৰ্ভুক্ত কৰিলে ইয়াৰ জৰিয়তে নৱ প্ৰজন্মই যথেষ্ট কৰ্মসংস্থাপন লাভ কৰিব বুলিও জানিবলৈ দিয়ে ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে ৷ (IANS)