মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আৰজেডিক সমালোচনা মাঝিৰ

আৰজেডিক সমালোচনা মাঝিৰ

বিহাৰৰ অপৰাধবোৰৰ বাবে দায়ী লালুৰ দল

পাটনা,১৮ ডিচেম্বৰ:বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চাৰ প্ৰধান জীতেনৰাম মাঝিয়ে ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ বাবে বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলকে জগৰীয়া কৰিছে ৷ উল্লেখযোগ্য যে জীতেনৰাম মাঝি বৰ্তমান বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ অংশীদাৰ৷প্ৰাক্তন মুখ্যমন্ত্ৰী মাঝিয়ে তেওঁৰ টুইটাৰ একাউণ্টত লিখিছে” ৰাষ্ট্ৰীয় জনতা দলৰ সদস্য সকলক যদি দলৰ উচ্চ পৰ্যায়ৰ নেতাসকলে নিয়ন্ত্ৰণ কৰে তেন্তে  ৰাজ্যখনত ৮০ শতাংশ অপৰাধ নিয়ন্ত্ৰণ হ’ব ৷ “আনহাতে, বিৰোধী দলপতি তেজস্বী যাদৱে চৰকাৰ গঠনৰ দিনাৰ পৰাই নীতিশ চৰকাৰক ৰাজ্যখনত বৃদ্ধি পোৱা অপৰাধ,ধৰ্ষণ,হত্যা আদিৰ বাবে জগৰীয়া কৰি কঠোৰ সমালোচনা কৰি আহিছে ৷ (IANS)