শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / জপং জপংকৈ পানীৰ মাজেৰে যাতায়ত কৰে জপংবাসীয়ে

জপং জপংকৈ পানীৰ মাজেৰে যাতায়ত কৰে জপংবাসীয়ে

স্বাধীনতাৰ অত বছৰ পিছত টুলুঙা নাৱেই ভৰষা ৷ লিখিছে অমৰজ্যোতি বৰাই

যোৰহাট,১৮ ডিচেম্বৰ: জপং গাওঁ । ১০২ নং টিয়ক বিধানসভা সমষ্টিৰ জাঁজীমুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত জাঁজী, মৰিজাঁজী আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত  এক চাপৰি সদৃশ অঞ্চলত অৱস্থিত প্ৰধানকৈ মিছিং বসতিপ্ৰধান এই জপং গাঁওবাসীৰ জীৱন সংগ্ৰাম দেখিলে প্ৰতিজন হৃদয়বান লোকেৰে চকু সেমেকি উঠিব । স্বাধীনতাৰ ৭৩ বছৰ পিছতো চৰকাৰী কোনো আঁচনিয়ে স্পৰ্শ নকৰা জপং গাঁৱৰ ৰাইজে আজিও এটুপি পৰিষ্কাৰ খোৱা পানীৰ কাৰণে হাহাঁকাৰ কৰিব লগীয়া হৈছে ৷

বাৰিষা চাৰি মাহ কাল মথাউৰিৰ ওপৰতে জীৱন নিৰ্বাহ কৰা এইসকল লোকে যাতায়তৰ বাবে ১২ মাহেই টুলুঙা নাৱৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় , টুলুঙা নাৱত উঠি ঘাট পাৰ হৈয়ে আজিও জপংগাঁৱৰ কণ কণ শিশু – কিশোৰে টিয়ক , কাকজান , যোৰহাট আদি ঠাইত পঢ়িবলৈ আহিব লাগে ,যাৰ পৰিপ্ৰেক্ষিতত গাওঁ খনৰ সৰহ সংখ্যক শিশু – কিশোৰে প্ৰাথমিক বিদ্যালয়ৰ দেওনা পাৰ কৰিয়ে শিক্ষা সামৰিবলগীয়া হৈছে ।

জপংগাঁৱৰ ৰাইজৰ সীমাহীন দুৰ্দশাৰ বিষয়ে গাওঁ বুঢ়া ৰত্নেশ্বৰ টায়ে আমাৰ আগত দুখেৰে জনায় ” জপংগাঁৱৰ ৰাইজৰ দুখ আৰু দুৰ্দশাৰ কথা কৈ অন্ত নপৰিব । ৰাস্তা ঘাটৰ অৱস্থা নাই বাৰিষাতো বাৰিষাই খৰালিও এজাক বৰষুণতে বিধ্বস্ত হয় জপং গাঁৱৰ ৰাস্তা । শিক্ষা আৰু চিকিৎসাৰ সুব্যৱস্থা নাই , প্ৰাথমিক বিদ্যালয় এখন আছে যদিও বাৰিষা ৪ মাহ বন্ধ কৰিয়েই ৰাখিব লগা হয় , চিকিৎসাৰ অভাৱত বহু লোক ডাক্তৰ আৰু ঔষধৰ অবিহনেই মৃত্যুবৰণ কৰিছে ।

চৰকাৰী বিভিন্ন আঁচনি সমূহৰ পৰাও জপং গাওঁবাসী আজিও বঞ্চিত , প্ৰধানমন্ত্ৰী আৱাস যোজনা ,নীৰ নিৰ্মল জলযোজনা , চৰকাৰী শৌচালয় আদি আঁচনিয়ে আজিও মুক্তি নাপালে জপং গাওঁবাসীয়ে । ‘ বাৰিষা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জপংগাঁৱলৈ প্ৰতিবছৰে বিভীষিকা কঢ়িয়াই আনে , জীৱনৰ প্ৰতি মোহ হেৰাই যায় জপংগাওঁবাসী ৰাইজৰ । ছাংঘৰৰ তলেৰে প্ৰচণ্ড সোঁতত বৈ থকা ব্ৰহ্মপুত্ৰৰ বিভীষিকাময় ছবিৰ বৰ্ণনা দি ৰত্নেশ্বৰ টায়েই  কয়  ” জপংগাঁৱৰ এই ভয়াৱহ ভৱিষ্যতৰ পৰা নতুন প্ৰজন্মক ৰক্ষা কৰিবলৈ আমি যোৰহাট জিলা প্ৰশাসন আৰু স্থানীয় বিধায়িকা গৰাকীক  বহুতো আবেদন নিবেদন কৰিছোঁ যদিও আজিলৈকে একো সুফল পোৱা নাই৷

” যি সময়ত কেন্দ্ৰীয় চৰকাৰে মানৱসম্পদ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে সেইসময়ত জপংগাঁৱৰ শিশু- কিশোৰে বাধ্যতামূলক প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ পৰাও বঞ্চিত হৈ অহা বুলি মন্তব্য কৰি জপংগাঁৱৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী ললিত টাইডে কয় “যাতায়তৰ অসুবিধাৰ কাৰণেই অজস্ৰ সম্ভাৱনা থকা সত্বেও গাঁৱৰ সহস্ৰাধিক শিশু – কিশোৰে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত থমকি ৰব লগা হৈছে । টুলুঙা নাৱত উঠি পুৱাই বিদ্যালয়লৈ বুলি ওলাই যাব লাগে জপংগাঁৱৰ শিশুহঁত , এনেদৰে চুলিৰ আগত জীৱ বান্ধি বিদ্যালয়লৈ যাওঁতে নাও ডুবি বহুতো শিশু আমাৰ মাজৰ পৰা চিৰদিনলৈ আঁতৰি গৈছে ।

তাৰ মাজতো দুই চাৰিটা পঢ়িবলৈ গৈছে , সিহঁতৰ ওপৰতে নিৰ্ভৰ কৰিছে জপংগাঁৱৰ ভৱিষ্যত৷”জপংগাঁৱৰ যুৱক যুৱতীসকলে সন্মুখীন হোৱা  বিভিন্ন সমস্যা সন্দৰ্ভত শিক্ষিত যুৱক হৰিপ্ৰসাদ টায়ে মন্তব্য কৰে এনেদৰে” যি সময়ত সমগ্ৰ বিশ্বতে যুৱপ্ৰজন্মক মানৱ সম্পদ হিচাপে গঢ়িবলৈ‌ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে , সেইসময়ত আমাৰ গাঁৱত প্ৰাথমিক শিক্ষাৰ পৰাও শিশুসকল বঞ্চিত হ’ব লগা হৈছে । স্বাধীনতাৰ অত বছৰ পাছতো মূল ভূখণ্ডৰ লগত সংযোগৰ কাৰণে আমাৰ ইয়াত এখন দলং নিৰ্মাণ নহ’ল । সাধাৰন বজাৰ সমাৰকে আদি কৰি, শিক্ষা, চিকিৎসা আদি সকলোবোৰ ক্ষেত্ৰতে টুলুঙা নাৱত উঠি ঘাট পাৰ হব লাগে , খৰালি নদীৰ পানী কম গতিকে নাৱত ইপাৰ সিপাৰ হোৱাতো ইমান জটিল নহয় , কিন্তু বাৰিষা ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত চুলিৰ আগত জীৱ বান্ধি টুলুঙা নাৱত উঠি পাৰ হোৱাতো কিমান ভয়ানক সেয়া একমাত্ৰ ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰিব৷” চৰকাৰে জপংগাওঁবাসীৰ কল্যাণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰি তেওঁ লগতে কয় “চৰকাৰে আমাক কেৱল ভোট বেংক হিচাপেহে বিবেচনা কৰে , গতিকে নিৰ্বাচনৰ সময়ত হাজাৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই সহজ সৰল হোজা জপংগাওঁবাসীক আজি অতদিনে ঠগি আহিছে ৷”