সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভিক্ষাৰীয়ে ঘেৰি ধৰিলে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়

ভিক্ষাৰীয়ে ঘেৰি ধৰিলে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়

বিশেষভাৱে সক্ষম পদপথৰ মগনীয়াক হত্যাকাৰী সজোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই প্ৰতিবেদন যুগুতাইছে ভাস্কৰ জ্যোতি শ‌ইকীয়াই

নগাঁও১৮ ডিচেম্বৰ,: নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি দিনত ভিৰ কৰিলেহি বহু মগনীয়াই। এগৰাকী মগনীয়াক ভুৱা গোচৰত হাৰাশাস্তি কৰাক কেন্দ্ৰ কৰিয়েই চহৰখনৰ বহু মগনীয়াই আৰক্ষী অধীক্ষকক সাক্ষাতৰ অনুমতি বিচাৰি ভিৰ কৰেহি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। জানিব পৰা মতে, জুৰীয়া আৰক্ষী থানাত ৰুজু হৈ থকা ১৯২/২০ নম্বৰৰ এটি গোচৰত হবিবুৰ ৰহমান নামৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিক মুল অভিযুক্ত সজাইছিল জুৰীয়া আৰক্ষীয়ে।

উল্লেখযোগ্য যে আত্মহত্যা কৰা জয়দুৰ ৰহমানলৈ হবিবুৰৰ কন্যাক বিয়া দিছিল মজিবুৰে। ভিক্ষাবৃত্তি কৰা মজিবুৰৰ কন্যা আচমা বেগমক বিয়াৰ পিচতে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি দিছিল জয়দুৰৰ পৰিয়ালে। অতিমাত্ৰা নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতে জয়দুৰ হেৰুৱাইছিল মানসিক ভাৰাসাম্য। যোৱা মে’ মাহত জয়দুৰে নিশা চিপ লৈ আত্মহত্যা কৰে। কিন্তু ইয়াৰ পিচতে জয়দুৰৰ পিতৃ ৰফিকুল ইছলামে মজিবুৰ ৰহমান আৰু তেওঁৰ কন্যা আচমা বেগমৰ বিৰুদ্ধে জয়নুৰক হত্যা কৰাৰ অভিযোগ তুলি এটা গোচৰ তৰে।

আনহাতে, মজিবুৰ ৰহমান আৰু তেওঁৰ কন্যাক দোষী সজাবলৈ জয়নুৰৰ মৃতদেহ পথাৰৰ মাজত পেলাই তাক হত্যাৰ ৰূপ দিয়াৰো চেষ্টা কৰে জয়নুৰৰ পৰিয়ালে। পিচত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এয়া আত্মহত্যা বুলি প্ৰমাণ হোৱাৰ পিচত মজিবুৰেও জুৰীয়া আৰক্ষী থানাত জয়নুৰৰ পিতৃ ৰফিকুল ইছলামৰ বিৰুদ্ধে ১৯৩/২০ নম্বৰত এটি গোচৰ ৰুজু কৰে। কিন্তু আৰক্ষীয়ে মজিবুৰে দিয়া গোচৰৰ তদন্ত কৰাৰ পৰিৱৰ্তে মজিবুৰৰ কন্যা আচমা বেগমক তেওঁৰ এবছৰীয়া কন্যা সন্তান সহ জেললৈ নিক্ষেপ কৰে। স্থানীয় ৰাইজৰ সহযোগত মজিবুৰে আদালতৰ কাষ চাপে। আদালতে মজিবুৰৰ অগ্ৰিম জামিন মঞ্জুৰ কৰে যদিও তেওঁৰ কন্যা আচমা বেগমৰ জামিনৰ বাবে ধনৰ যোগাৰ কৰাত বিফল হয়।

ইয়াৰ পিচতো পুনৰ জয়নুৰৰ পিতৃয়ে মহিবুৰৰ ওপৰত ৪৯৭/২০ নম্বৰৰ এটি গোচৰ জুৰীয়া আৰক্ষী থানাত ৰুজু কৰি পুনৰ মজিবুৰক জেললৈ নিক্ষেপ কৰাৰ চেষ্টা কৰে। এই ঘটনাৰ পিচতে আজি ন্যায় বিচাৰি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত ভিৰ কৰেহি মজিবুৰৰ সৈতে ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা বহু মগনীয়াই । নগাঁও আৰক্ষী অধীক্ষকে অৱশ্যে মজিবুৰ ৰহমানক উচিত ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিশেষ ভাৱে সক্ষম এজাক মগনীয়াই এইদৰে ন্যায়ৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ন্যায় বিচাৰি ভিৰ কৰিব লগা হোৱা দৃশ্যই চহৰখনৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।