বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মমতাৰ প্ৰতি ‘মমতা’শেষ

মমতাৰ প্ৰতি ‘মমতা’শেষ

ভয়ানক অসন্তুষ্টিত জৰ্জৰিত মমতাৰ দল

কলকাতা,১৮ ডিচেম্বৰ: ৰাজনৈতিক দলবোৰত দলত্যাগৰ ধুম উঠিছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া যেন এক অবাধ প্ৰতিযোগিতাহে চলিছে দল এৰাৰ ৷ কালি পশ্চিমবংগত তৃণমূলৰ বিধায়ক শুভেন্দু অধিকাৰীয়ে  দল ত্যাগ কৰাৰ পিছতেই আন এগৰাকী বিধায়ক জীতেন্দ্ৰ তিৱাৰীয়েও কালিয়েই দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ আনহাতে, আজিৰ দিনটোত দলৰ আন এগৰাকী বিধায়ক শীলভদ্ৰ দত্তই দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে ৷ তেওঁ নিজৰ কোঠাত থকা দলৰ সভানেত্ৰীৰ ফটোখন আঁতৰাই তাত স্বামী বিবেকানন্দৰ ফটো লগোৱা বুলি জানিব পৰা গৈছে ৷

তদুপৰি তেওঁ দলৰ সভাপতিক উদ্দেশ্যি প্ৰেৰণ কৰা পদত্যাগ পত্ৰত লিখিছে ” মই আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ দলৰ সকলো পদ তথা দায়িত্বৰ পৰা অব্যাহতি লৈছোঁ ৷ আনহাতে,পদত্যাগৰ ঢৌৱে কোবাই গৈছে অসম কংগ্ৰেছ তথা অসমৰ বৃহত্তম আঞ্চলিক দল অগপকো ৷ কংগ্ৰেছৰ তিনিগৰাকী বিধায়কে অহা ২৬ ডিচেম্বৰত গেৰুৱা বসন পিন্ধাটো প্ৰায় চূড়ান্ত হৈছে ৷ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়িকা অজন্তা নেওগ,সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তিৰ্কী আৰু আন এগৰাকী বিধায়ক ৰাজদ্বীপ গোৱালাইয়ো বিজেপিত যোগদান কৰাতো প্ৰায় নিশ্চিত হৈছে ৷ আনহাতে,অসম গণ পৰিষদৰ পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকাই ইতিমধ্যে দলটো ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছে ৷ (IANS)