মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / শ্বাহ পুনৰ পশ্চিমবংগলৈ

শ্বাহ পুনৰ পশ্চিমবংগলৈ

পশ্চিমবংগলৈ পুনৰ অমিত শ্বাহ যাব জনসাধাৰণৰ মনৰ বতৰা ল’বলৈ

কলকাতা,১৮ ডিচেম্বৰ: গৃহমন্ত্ৰী অমিত শ্বাহে অহা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পশ্চিম বংগ  ভ্ৰমণ কৰিব৷উক্ত দুদিনীয়া কাৰ্যসূচীত তেওঁ এগৰাকী বাউল শিল্পী আৰু এজন কৃষকৰ ঘৰত আহাৰ গ্ৰহণ কৰি তেওঁলোকৰ সমস্যাসমূহ নিজাকৈ অনুধাৱন কৰাৰ চেষ্টা কৰিব ৷ গৃহমন্ত্ৰীয়ে এই দুদিনীয়া ভ্ৰমণসূচীতে দুটাকৈ মন্দিৰ ভ্ৰমণ কৰাৰ লগতে কেইবাটাও ৰড শ্ব’ত অংশগ্ৰহণ কৰিব ৷ শনিবাৰে পুৱা ১০:৪৫ বজাত ৰামকৃষ্ণ মিছন আশ্ৰমত স্বামী বিবেকানন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব ৷ ইয়াৰ পিছতেই তেওঁ শ্বহীদ খুদিৰাম বসুৰ সমাধিক্ষেত্ৰত মাল্যাৰ্পণ কৰিব আৰু মহামায়া মন্দিৰ পৰিদৰ্শন কৰিব ৷ এই যাত্ৰাৰ সময়তে গৃহমন্ত্ৰী গৰাকীয়ে বীৰভূমৰ শ্বাহ মোহৰ কটেজ ৰিজৰ্টত এক সংবাদমেলো সম্বোধন কৰিব ৷ (IANS)