বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৰাহুল ছোনিয়া কৃষক নেকি ?

ৰাহুল ছোনিয়া কৃষক নেকি ?

স্মৃতি ইৰাণীয়ে কঠোৰ সমালোচনা কৰিলে ৰাহুল ছোনিয়াক

মীৰাট,১৮ ডিচেম্বৰ: হস্ততাঁত,শিশু আৰু মহিলা উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আজি ভাৰতীয় জনতা দলৰ কিষাণ সন্মিলনত অংশ লৈ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় “আমেথিত কৃষকৰ অৱস্থা বিগত ৫০ বছৰত যিমান উন্নত হোৱা নাছিল,বিগত পাঁচ বছৰত বিজেপিয়ে তেওঁলোকৰ সমষ্টিৰ কৃষকৰ সমস্যাৰো সমাধান কৰিবলৈ সক্ষম হৈছে ৷ আৰু ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী কৃষক নেকি যে তেওঁলোকে বিজেপিক নতুন আইন সম্পৰ্কত প্ৰশ্ন কৰিছে ?

“উল্লেখযোগ্য যে ৰাহুল আৰু ছোনিয়া গান্ধীয়ে কৃষিৰ আইন সম্পৰ্কত বিজেপিক কঠোৰ সমালোচনা কৰি আহিছে আৰু এই আইন প্ৰস্তুত কৰা আৰু প্ৰণয়ন কৰা লোকসকলেে কৃষিৰ বিষয়ে একো নাজানে বুলি সমালোচনা কৰিছিল ৷ (IANS)