মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / এইবাৰ ৰাইজৰ দলৰ অভিবৰ্তন

এইবাৰ ৰাইজৰ দলৰ অভিবৰ্তন

ৰণডংকা বজাবলৈ সাজু 'ৰাইজৰ দল'৷ এই প্ৰতিবেদন লিখিছে অভিজিৎ ভূঞাই

চৰাইদেউ, ১৯ ডিচেম্বৰ : “ৰাইজৰ দলৰ গঠন সময়ৰ আহ্বান। অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ৰক্ষাৰ লগতে আৰ্থ-সামাজিক, শৈক্ষিক উন্নয়নৰ জৰিয়তে জাতিটোৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবলৈ গঠন হৈছে ৰাইজৰ দল। ঐক্যবদ্ধ আপোচহীন, প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিক দল হিচাপে গঠন হোৱা ৰাইজৰ দল কোনো পুঁজিবাদীৰ দল নহয়, ই ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণী কৃষকৰ দল।

ৰাইজৰ স্বাৰ্থত ৰাইজৰ দ্বাৰা গঠন কৰা হৈছে ৰাইজৰ দল”- এই মন্তব্য শেহতীয়াকৈ আত্মপ্ৰকাশ কৰা আঞ্চলিক ৰাজনৈতিক দলৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়াৰ।যোৱা ২ অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আত্মপ্ৰকাশ ঘটা ৰাইজৰ দলৰ কেন্দ্ৰীয় ৰাজ্যিক অভিৱৰ্তন সন্দৰ্ভত অৱগত কৰিবলৈ সংবাদ মাধ্যমক সম্বোধন কৰি এনেদৰে কয় ৰাজ্যিক আহ্বায়ক গৰাকীয়ে।

উল্লেখযোগ্য যে ৰাইজৰ দলে আত্মপ্ৰকাশ কৰাৰ পাছতে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰ প্ৰতিখন জিলাৰ গাওঁ-চহৰত সাংগঠনিক ভেটি সৱল কৰিবলৈ বিভিন্ন সভা অনুষ্ঠিত কৰি থকাৰ পাছত ২০২১ বৰ্ষৰ ৩, ৪ আৰু ৫ জানুৱাৰীত মৰাণত কেন্দ্ৰীয় জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিব। এই অভিৱৰ্তনতে ৰাইজৰ দলৰ পূৰ্ণাংগ সমিতি গঠনৰ লগতে দলৰ সংবিধান গৃহীত কৰাৰ ওপৰিও বহু কেইটা ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰিব আৰু এই প্ৰস্তাৱ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতহে গ্ৰহণ কৰা হ’ব।

এই সন্দৰ্ভত ৰাইজৰ দলৰ আন এগৰাকী ৰাজ্যিক মুখ্য আহ্বায়ক লোহিত গগৈয়ে কয় “ৰাইজৰ দলে ইতিমধ্যে গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ৰাইজৰ দলক সহযোগিতা আগবঢ়াবলৈ ইতিমধ্যে বিভিন্ন জনে মুক্ত মনে ওলাই আহিছে। ৰাইজে আশা কৰিছিল কংগ্ৰেছৰ অপশাসনক উফৰাই বিজেপিয়ে ক্ষমতা দখল কৰি খাটিখোৱা শ্ৰমজীৱি জনতাৰ পক্ষত কাম কৰিব। সেয়ে বিগত নিৰ্বাচনত বিজেপি দলক ভোটদান কৰি শাসনৰ ভাৰ দিছিল। কিন্তু অতি পৰিতাপৰ কথা নিৰ্বাচনৰ আগেয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপিয়ে ক্ষমতা দখল কৰি এতিয়া ওলোটা খৰহে মাৰিছে।

যাৰ ফলত অতীষ্ঠ জনসাধাৰণে পুনৰ ৰাজ্যত এখন বিকল্প চৰকাৰৰ পোষকতা কৰিছিল। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলে আত্মপ্ৰকাশ কৰে আৰু আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে৷” মন কৰিবলগীয়া যে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাবাসীৰ সহযোগিতাত মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ সমীপত ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ ৰণডংকা বজাব ৰাইজৰ দলে।